/asomiyapratidin/media/media_files/2025/04/29/NTQBe1Gc1SKgUNGIutsd.jpg)
কানাডাৰ নতুন প্ৰধানমন্ত্ৰী
ডিজিটেল ডেস্ক : কানাডাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ল মাৰ্ক কাৰ্ণি। ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ বাবে বিখ্যাত মাৰ্ক কাৰ্ণিয়ে পিয়েৰ পইলিভ্ৰেৰ কনজাৰ্ভেটিভ পাৰ্টিক পৰাস্ত কৰে। এই নিৰ্বাচনত লিবাৰেল পাৰ্টিয়ে একেৰাহে চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন কৰিছে, যিটো কানাডাৰ ৰাজনৈতিক ইতিহাসত এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে। এইবাৰ লিবাৰেল পাৰ্টিৰ নেতৃত্বত আছিল প্ৰাক্তন বেংকাৰ মাৰ্ক কাৰ্ণি, যিয়ে বিপুল ভোটত এই নিৰ্বাচনত জয়লাভ কৰে।
উল্লেখযোগ্য যে, প্ৰচাৰৰ সময়ত মাৰ্ক কাৰ্ণিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। ট্ৰাম্পে প্ৰায়ে কৈ আহিছিল যে কানাডাক আমেৰিকাৰ সৈতে একত্ৰিত কৰা উচিত। ট্ৰাম্পৰ এই মন্তব্যৰ বিৰুদ্ধে কাৰ্ণিয়ে মুকলিকৈ মাত মাতিছিল।
১৯৬৫ চনৰ ১৬ মাৰ্চত কানাডাৰ ফ’ৰ্ট স্মিথ নামৰ ঠাইত মাৰ্ক কাৰ্ণিৰ জন্ম হৈছিল। এডমন্টন নামৰ এখন চহৰত তেওঁৰ শৈশৱ পাৰ হৈছিল। মাৰ্ক কাৰ্ণিয়ে বিখ্যাত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি অৱ আমেৰিকা আৰু অক্সফৰ্ড ইউনিভাৰ্চিটি অৱ ইংলেণ্ডৰ পৰা অধ্যয়ন কৰিছে। এ এফ পিৰ প্ৰতিবেদন অনুসৰি তেওঁ একালত হকীও খেলিছিল। তেওঁ বিনিয়োগ বেংকাৰ হিচাপে কাম কৰিছিল আৰু নিউয়ৰ্ক, লণ্ডন, টকিঅ’, টৰন্টোৰ দৰে ডাঙৰ চহৰত কাম কৰি বহু টকা উপাৰ্জন কৰিছিল। পিছলৈ তেওঁ অসামৰিক সেৱা বাছি লয় আৰু ২০০৮ চনত কানাডাৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰে তেওঁক বেংক অৱ কানাডাৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়ে। ২০০৮ চনত যেতিয়া সমগ্ৰ বিশ্ব অৰ্থনৈতিক সংকটে দেখা দিছিল, তেতিয়া এই কঠিন সময়ত কানাডাক নিৰাপদ পথত ৰখা কেইজনমান নেতাৰ ভিতৰত মাৰ্ক কাৰ্ণিও আছিল অন্যতম।