মই সৰু মানুহ, দেশৰ বাবে জীৱন দিবলৈও সাজু: অৰবিন্দ কেজৰিবাল

মই সৰু মানুহ, দেশৰ বাবে জীৱন দিবলৈও সাজু: অৰবিন্দ কেজৰিবাল

author-image
asomiyapratidin
New Update
মই সৰু মানুহ, দেশৰ বাবে জীৱন দিবলৈও সাজু: অৰবিন্দ কেজৰিবাল

ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ বাসগৃহত আক্ৰমণ হোৱা ঘটনাক লৈ এতিয়াও অব্যাহত আছে চাঞ্চল্যৰ।এই আক্ৰমণৰ বাবে বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীয়ে।

Advertisment

এই ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰবিন্দ কেজৰিবালে।তেওঁ কয় যে "কেজৰিবাল গুৰুত্বপূৰ্ণ নহয়। মই বহুত সৰু মানুহ। দেশৰ বাবে জীৱন দিবলৈ সাজু মই কিন্তু এনে ধৰণৰ হিংসাত্মক কাৰ্যৰ দ্বাৰা দেশ আগ নাবাঢ়ে"।

কেজৰিবালে কয় যে "২১ শতিকাৰ ভাৰতৰ বাবে প্ৰেম সদভাৱেৰে কাম কৰিব লাগিব। মাৰপিট আৰু হিংসাত্মক কাৰ্যকালাপে দেশৰ ৭৫ বছৰ ধ্বংস কৰিলে। মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিক কটাক্ষ কৰি কয় যে দেশক শাসন কৰি থকা দলটোৱে যদি এনে ধৰণৰ কাম কাজ কৰে তেন্তে যুৱ সমাজে কি কৰিব"।

উল্লেখ্য যে, ৩০ মাৰ্চত অৰবিন্দ কেজৰিবালৰ বাসগৃহত আক্ৰমণ কৰিছিল। ইয়াৰ পাছতেই ঘটনা সন্দৰ্ভত ৭০ জন লোকক আটক কৰিছিল আৰক্ষীয়ে। এই ঘটনাৰ ক্ষেত্ৰত বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল আপে।

aap attack bjp delhi arvind kejriwal