/asomiyapratidin/media/media_files/2025/05/03/omT2i1WNEbaIHyCyzJE3.jpg)
গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ
ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শেষ হৈছে। সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে ভোট বিচাৰি প্ৰচাৰ অভিযান চলাইছে।
অহা ৭ মে'ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ, সভা সমিতি কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নগাঁও-বটদ্ৰৱা সমষ্টিতো প্ৰাৰ্থীসকলে চলাইছে প্ৰচাৰ।
নগাঁও -বটদ্ৰৱা সমষ্টিৰ মাজজজৰি দৰংগীয়াল গাঁও পঞ্চায়তত প্ৰাৰ্থীয়ে প্ৰচাৰত নামি পৰিছে। ৮২ নং মাজজজৰি দৰংগীয়াল গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডত অৱতীৰ্ণ হোৱা জ্যোতিৰ্ময় কলিতাৰ হৈ প্ৰচাৰ অভিযানত শ শ মহিলাই অংশগ্ৰহণ কৰে।