ৰঙাপৰাত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান

ৰঙাপৰাত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ 

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰাত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ 

Advertisment

বিশেষকৈ প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে চাহ বাগিচাৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বাগিচাই বাগিচাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ বিভিন্ন ৰাজনৈতিক  দলে বাগিচাই বাগিচাই গৈ শ্ৰমিক ৰাইজক দিছে বিভিন্ন প্ৰতিশ্ৰুতি ৷ 

প্ৰাৰ্থীসকলে বাগিচাৰ চালানে চালানে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীগৰাকীয়ে চালানে চালানে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ দিছে বিভিন্ন প্ৰতিশ্ৰুতি ৷ 

তাৰোপৰি চাহ শ্ৰমিক ৰাইজৰ সমস্যা সমাধান কৰাৰ দিছে প্ৰতিশ্ৰুতি ৷ উল্লেখযোগ্য যে, ৰঙাপাৰাত এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ’ব মূল প্ৰতিদ্বন্দ্বিতা। অৱশ্যে কোনে শেষ হাঁহি মাৰে, সেয়া সময়হে ক’ব ।

ৰঙাপৰা