/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/29b095e9-3ed2-4605-945e-93c0c7cab834/jua.jpg)
Campaign against gamblers
ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত পশ্চিম গোলাঝাৰ গাঁৱত দুৰ্গা পূজা মেলাত জুৱা খেলৰ আৰক্ষীৰ অভিযান । মেলা স্থলীত জুৱাৰীৰ বিৰুদ্ধে ৰুণীখাতা থানাৰ আৰক্ষীৰ লাঠি চালনা ।
দুৰ্গা পূজা মেলাৰ সুযোগ লৈ আয়োজন কৰা জুৱা খেলত ব্যবহৃত সামগ্ৰী জব্দ কৰি অগ্নি সংযোগ কৰে অভিযানকাৰী আৰক্ষীৰ দলে । ঘটনাক কেন্দ্ৰ কৰি এলেকাত চেপা উত্তেজনা বিৰাজ কৰিছে ।
ৰুণীখাতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত জুৱা খেলৰ বিৰুদ্ধে চলা এই অভিযানক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৰুণীখাতা অঞ্চলৰ সচেতন মহলে ।