/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ee9487d2-b43c-4883-a43a-0fd1ed7feb99/d2dde799_c277_4b09_bd77_3b849b49661d.jpg)
ডিজিটেল ডেস্কঃ বিজেপিৰ টিকটত লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা নিজ পুত্ৰক নিৰ্বাচনত পৰাজিত কৰিবলৈ আহ্বান জনালে জ্যেষ্ঠ কংগ্ৰেছ নেতা এ কে এণ্টনীয়ে। এক সংবাদ মেলত পুত্ৰৰ ৰাজনীতি সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, কংগ্ৰেছ নেতাৰ পুত্ৰ বিজেপিত যোগদান কৰাটো 'ভুল'। তেওঁৰ পুত্ৰ আৰু পুত্ৰৰ দল কোনো কাৰণতে নিৰ্বাচনত জয়লাভ কৰাটো উচিত নহয় বুলিও মন্তব্য কৰে এ কে এণ্টনীয়ে।
তেওঁ লগতে কয়, 'কংগ্ৰেছ মোৰ ধৰ্ম'। উল্লেখ্যে যে, সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা এ কে এণ্টনীৰ পুত্ৰ অনিল কেক কেৰালাৰ পাঠানমথিটা লোকসভা আসনৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে বিজেপিয়ে। পিতৃ এ কে এণ্টনীয়ে কয় যে, এই সমষ্টিটোৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী এণ্টো এণ্টনীয়ে জয়লাভ কৰিব লাগে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে এইবাৰৰ লোকসভা নিৰ্বাচনক 'কৰক নহ'লে মৰক' নিৰ্বাচন বুলি অভিহিত কৰিছিল এ কে এণ্টনীয়ে। তেওঁ কয় যে এইবাৰৰ লোকসভা নিৰ্বাচনেই নিৰ্ধাৰণ কৰিব যে ভাৰতৰ ধাৰণাটো থাকিব নে নাথাকে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us