কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ আহ্বান কৰ্মচাৰী সংগঠন ‘জাকৰু’ৰ…

অহা ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব লগা এডভাণ্টেজ আছাম ২-০ৰ পূৰ্বে কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া সংগঠন "জাকৰু"ৱে।

author-image
Asomiya Pratidin
New Update
কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ আহ্বান

কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ আহ্বান

ডিজিটেল সংবাদ, শিলচৰ : অহা ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব লগা এডভাণ্টেজ আছাম ২-০ৰ পূৰ্বে কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া সংগঠন "জাকৰু"ৱে। সংগঠনটোৰ সভাপতি মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে মুখ্যমন্ত্ৰীক কাছাৰ কল পুনৰুজ্জীৱিত কৰাৰ বাবে আহ্বান জনাই কয় যে, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ২লাখ কৰ্মচাৰী  জড়িত হৈ আছে এই কাছাৰ কাগজ কলৰ সৈতে। 

Advertisment

উল্লেখ্য যে ২০১৫ চনত হঠাতে উৎপাদন বন্ধ কৰি দিয়া কাগজ কলটো পুনৰুজ্জীৱিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো কাগজ কলটো পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজিলৈ কোনো প্ৰতিশ্ৰুতি পালন নকৰিলে চৰকাৰে।  

ইফালে, নগাঁও কাগজ কল বন্ধ হোৱাৰ পিছত তাত ২৭ হাজাৰ কোটি টকা ব্যয়েৰে ছেমি কণ্ডাক্টৰৰ দৰে বৃহৎ উদ্যোগ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। এনে পৰিপ্ৰেক্ষিতত কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি কাগজ কলটো পুনৰুজ্জীৱিত কৰিবলৈ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে "জাকৰু"ৰ সভাপতিগৰাকীয়ে ।

Silchar cachar paper mill