২ হাজাৰ নামঘৰৰ পৰিচয়মূলক ঐতিহাসিক তথ্য সম্বলিত গ্ৰন্থৰ বাবে তথ্যৰ আহ্বান...

উত্তৰ গুৱাহাটীস্থিত শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰই প্ৰকাশ কৰিব এই গ্ৰন্থ...

author-image
Asomiya Pratidin
New Update
২ হাজাৰ নামঘৰৰ পৰিচয়মূলক ঐতিহাসিক তথ্য সম্বলিত গ্ৰন্থৰ বাবে তথ্যৰ আহ্বান...

NAMGHAR

ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীস্থিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ শাখা সত্ৰ প্ৰাঙ্গনত ডিচেম্বৰৰ ২ তাৰিখৰ পৰা ৪ তাৰিখলৈ অনুষ্ঠিত হ'ব এক বিশেষ অনুষ্ঠান। ৰাজ্যৰ প্ৰায় ২ হাজাৰটা নামঘৰৰ প্ৰতিনিধিৰ উপস্থিতিত নাম, খোল, তাল, শংখ, নাগৰাবাদনেৰে উক্ত দিন কেইটাত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব ব্ৰহ্মপুত্ৰৰ বালিচৰ।

Advertisment

ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ২ হাজাৰ নামঘৰৰ পৰিচয়মূলক ঐতিহাসিক তথ্য সম্বলিত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থও প্ৰকাশৰ যো-জা চলোৱা হৈছে। সেয়েহে আয়োজকসকলে এই গ্ৰন্থৰ বাবে প্ৰয়োজনীয় তথ্য সংগ্ৰহত সৰ্বসাধাৰণ ৰাইজৰো সহায়, সহযোগিতা আশা আন্তৰিকাতে বিচাৰিছে।

এই সম্পৰ্কে কাৰোবাৰ হাতত তথ্য থাকিলে বা এনে তথ্য যোগান ধৰিবলৈ ইছ্যুকসকলে আগবঢ়াব পাৰিব। ইয়াৰ বাবে এখন গুগল ফৰ্মৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

তথ্য দাতাসকলে নামঘৰ / সত্ৰৰ নাম আৰু ঠিকনা, প্ৰতিষ্ঠাৰ চন, শক, ভূমিদাতাৰ পৰিচয়, চমু ইতিহাস, নামঘৰে / সত্ৰই সামৰি লোৱা অঞ্চল, গাওঁ, জনসংখ্যা, পৰিয়াল, প্ৰতিষ্ঠাৰ সৈতে জড়িত মৃত আৰু জীৱিত ব্যক্তিৰ তথ্য, ইয়াত পালন কৰা উৎসৱ সমূহ, সাংস্কৃতিক কৰ্মৰাজিৰ আভাষ, নিজা সম্পদ, স্বকীয় বৈশিষ্ট্য সম্পৰ্কে ক্ৰম অনুসাৰে অৱগত কৰিব লাগিব। আনহাতে নামঘৰ তথা সত্ৰ সম্পৰ্কে বিভিন্ন নথিপত্ৰ , ভিডিঅ', ফটো আদি গুগল ফৰ্মৰ জৰিয়তে দিব লাগিব।

ইয়াৰ বাবে প্ৰয়োজনীয় লিংক হৈছে -https://docs.google.com/forms/u/3/d/1bzRDEm62RtJEL7eUHQupLvBCOxco_EL9b96jqYmoutU/edit?usp=drivesdk&chromeless=1

north guwahati