মণিপুৰত দুই সন্ত্ৰাসবাদীসহ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

অশান্ত জৰ্জৰ মণিপুৰত আৰক্ষীয়ে চলাই উগ্ৰপন্থী বিৰোধী অভিযান। এই অভিযানত আৰক্ষীয়ে ইম্ফল পূৱ  আৰু বিষ্ণপুৰ জিলাৰ পৰা দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
মণিপুৰত দুই সন্ত্ৰাসবাদীসহ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ, শিলচৰ : অশান্ত জৰ্জৰ মণিপুৰত আৰক্ষীয়ে চলাই উগ্ৰপন্থী বিৰোধী অভিযান। এই অভিযানত আৰক্ষীয়ে ইম্ফল পূৱ  আৰু বিষ্ণপুৰ জিলাৰ পৰা দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।

Advertisment

ধৃত উগ্ৰপন্থী দুজন হৈছে UNLF আৰু KYKL উগ্ৰপন্থী সংগঠনৰ সক্ৰিয় সদস্য।  ধৃত UNLF ৰ সদস্য জন অহন্থেম ৰাজেশ ওৰফে নন্দকশোৰ ওৰফে পৰিহান  আৰু KYKL ৰ উগ্ৰপন্থী জন মৈৰাঙথেম চেম্পিয়ন সিং ওৰফে মাৰ্জিত বুলি চিনাক্ত কৰা হৈছে।  

ইফালে,UNLF উগ্ৰপন্থী জনৰ পৰা ১টা বেৰেটা পিষ্টলৰ সৈতে ১৫ জাঁই  সজীৱ গুলী আৰু ২টা  মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। উগ্ৰপন্থীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁ আত্মগোপন কৰা এটা স্থানত তালাচী চলাই আৰক্ষীয়ে পুনৰ ১টা এছএমজি কাৰ্বাইন বন্দুক, ১টা  নাইন এম এম  পিষ্টল, ৪ টা মেগজিন, ১টা হেণ্ড গ্ৰেনেড,৪ টা লঞ্চিং টিউব আৰু  স্নাইপাৰ বন্দুকৰ ৬৬ টা সজীৱ গুলি সহ বিভিন্ন অস্ত্ৰশস্ত্ৰৰ কেইবা জাই গুলিৰ লগতে ৬৯,০০০ নগদ  ধন 
 জব্দ কৰে।

মণিপুৰ Silchar