প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত কাছাৰৰ বিদ্যালয়ৰ বিৰুদ্ধে গোচৰ ৰুজু

২১ মাৰ্চত অনুষ্ঠিত হ'ব লগা গণিতৰ প্ৰশ্ন কাকত ফাদিল কৰা বুলি ৰাজ্যৰ অন্য ১৫ খন স্কুলৰ সৈতে কাছাৰৰ এই দুখন স্কুলো জৰিত বুলি শিক্ষা বিভাগে সদৰী কৰিছিল।

author-image
Asomiya Pratidin
New Update
1sil

ডিজিটেল সংবাদ,শিলচৰঃ  উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত কাছাৰ জিলাৰ দুখন বিদ্যালয়ৰ‌ বিৰুদ্ধে ‌অৱশেষত গোচৰ ৰুজু কৰিলে শিক্ষা বিভাগে। দেওবাৰে কাছাৰৰ ‌বিদ্যায়লয় সমূহৰ পৰিদৰ্শক গণেশ হৰিজনে কাছাৰ জিলাৰ সোণাইৰোডৰ প্ৰেচিডেন্সি ছিনিয়ৰ চেকেণ্ডেৰী স্কুল আৰু পয়ালাপুলৰ এডিথ ডগলাছ এইচ এচ স্কুলৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত গোচৰ ৰুজু কৰে।

উল্লেখ্য যে যোৱা ২১ মাৰ্চত অনুষ্ঠিত হ'ব লগা গণিতৰ প্ৰশ্ন কাকত ফাদিল কৰা বুলি ৰাজ্যৰ অন্য ১৫ খন স্কুলৰ সৈতে কাছাৰৰ এই দুখন স্কুলো জৰিত বুলি শিক্ষা বিভাগে সদৰী কৰিছিল। লগতে এই স্কুল কেইখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সংশ্লিষ্ট জিলা সমুহৰ বিদ্যালয় পৰিদৰ্শক সকলক নিৰ্দেশ দিছিল শিক্ষা বিভাগে।

শিলচৰ