কাছাৰত অপহৰণকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ এনকাউন্টাৰ

কাছাৰত অপহৰণকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ এনকাউন্টাৰ
Published on
Updated on

ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰ জিলাৰ লক্ষীপুৰ এলেকাৰ শিবপুৰত সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা। এগৰাকী হিন্দু যুৱতীক অপহৰণৰ সৈতে জড়িত থকা অভিযুক্তক উদ্দেশ্যি গুলীচালনা কৰে আৰক্ষীয়ে। মান্নান আহমেদ নামৰ অপহৰণকাৰী জনে আৰক্ষী এজনক আক্ৰমণ কৰি পলায়ণৰ চেষ্টা চলাওতে আৰক্ষীয়ে দুই ৰাউণ্ড গুলী চলায়।

এই ঘটনা সংঘটিত হৈছে দেওবাৰে পুৱতি নিশা। বৰ্তমান গুলীবিদ্ধ মান্নান আহমেদ আৰু আহত আৰক্ষী লেঞ্চ নায়ক জছিম উদ্দিন লস্কৰক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা কৰা হৈছে।‌

আৰক্ষী সূত্ৰে জানিব পৰা মতে, লক্ষীপুৰ থানাৰ অন্তৰ্গত স্কটপুৰ চাহ বাগিছাৰ বাসিন্দা ৰিকিয়াচন উপাধিৰ এগৰাকী ১৯ বছৰীয়া যুৱতীক অপহৰণ কৰিছিল মান্নান আহমেদে।‌ লক্ষীপুৰ থানাধীন বিনাকান্দি গ্ৰান্টৰ বাসিন্দা তথা বিবাহিত দুই সন্তানৰ পিতৃ মান্নান আহমেদে যুৱতী গৰাকীক অপহৰণ কৰি সোনাই এলেকাত লুকুৱাই ৰাখিছিল।

আৰক্ষীয়ে নিশাই যুৱতী গৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী মান্নান আহমেদকো গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিচত নিশা প্ৰায় ২ বজাত লক্ষীপুৰ পি এইচ চি চিকিৎসালয়লৈ নিয়াৰ সময়ত শিৱপুৰত প্ৰস্ৰাৱ লগাৰ কথা কৈ গাড়ী ৰখাবলৈ কয়। আৰক্ষীয়ে গাড়ী ৰখোৱাৰ লগে লগে জছিম উদ্দিন নামৰ আৰক্ষী জনক আক্ৰমণ কৰি মান্নান আহমেদে অন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰে।

আৰক্ষীয়ে তেওঁক ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ কথালৈ ভ্ৰূক্ষেপ নকৰি তেওঁ পলাবলৈ চেষ্টা কৰে। তেতিয়া বাধ্য হৈ আৰক্ষীয়ে মান্নানক লক্ষ্য কৰি দুই ৰাউণ্ড গুলী চালনা কৰে। গুলী চালনাৰ ফলত তেওঁৰ ভৰিত আঘাত হয়। ইপিনে আহত হয় আৰক্ষী লেঞ্চনায়ক জচিম উদ্দিন লস্কৰ।

কাছাৰত অপহৰণকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ এনকাউন্টাৰ
এজন মানুহ আছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in