গেছ নহয়! কাছাৰত চিলিণ্ডাৰৰ ভিতৰত ওলাল নিচাজাতীয় সামগ্ৰী...

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ‌ সাফল্য।  কাছাৰৰ দুটা পৃথক স্হানত অভিযান চলাই ডেৰ লাখ নিচাজাতীয় য়াবা টেবলেট  জব্দ কৰিছে আৰক্ষীয়ে ।  শিলচৰৰ বেতুকান্দি  আৰু শিলচৰ- আইজল

New Update
linkkd

ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ‌ সাফল্য।  কাছাৰৰ দুটা পৃথক স্হানত অভিযান চলাই ডেৰ লাখ নিচাজাতীয় য়াবা টেবলেট  জব্দ কৰিছে আৰক্ষীয়ে ।  শিলচৰৰ বেতুকান্দি  আৰু শিলচৰ- আইজল পথৰ সোনাইৰোডত অভিযান চলাই আৰক্ষীয়ে ক্ৰমে ১ লাখ আৰু ৫০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে।

ৰন্ধন গেছৰ খালী চিলিণ্ডাৰৰ ভিতৰত লুকুৱাই আনিছিল টেবলেট খিনি।  টেবলেট ভৰ্তি তিনিটা চিলিণ্ডাৰৰ পৰা জব্দ কৰা হয় এই বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী খিনি। জব্দ কৰা টেবলেট খিনিৰ ক'লা বজাৰত মুল্য প্ৰায় ৪৫ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।  

ড্ৰাগছ সেৱন সৈতে জৰিত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা চিলিণ্ডাৰৰ গাড়ী খনো জব্দ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি শিলচৰ থানাত জেৰা অব্যাহত ধৃত লোক কেইজনক।

ইফালে ৪৫ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা বাবে মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত নিচাজাতীয় সামগ্ৰীৰ ফটো আপলোড কৰি কাছাৰ আৰক্ষীক ধন্যবাদ জনাইছে।

কাছাৰ