/asomiyapratidin/media/media_files/2025/06/18/AP FOR WEB new format copy-1dceff05.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ বৰখলা সমষ্টিৰ ভাংগাৰপাৰত অঘটন। হাৰাং নৈৰ ওপৰত থকা পকী দলং খন নিশা ভাঙি পৰাত সম্প্ৰতি শিলচৰ- কালাইন সংযোগী গড়কাপ্তানী পথটো সম্পূৰ্ণ বন্ধ হৈ পৰিছে । দলঙ খন ভাঙি পৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
পুৱতি নিশা দুখন শিল ভৰ্তি অ'ভাৰ লোড ডাম্পাৰ পাৰ হোৱাৰ সময়তে এই দলঙ খন ভাঙি পৰে।
ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত । দলঙ খন ভাঙি যোৱাৰ ফলত গুৱাহাটী - আৰু বৰাক উপত্যকা সহ চুবুৰীয়া ৰাজ্য মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজত যোগাযোগ ব্যৱস্থা সম্পুৰ্ণ বন্ধ হৈ পৰিছে।
ইতিমধ্যে ঘটনা স্হলীত SDRF বাহিনী মোতায়েন কৰা হৈছে। মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীও। ঘটনা স্হলীত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা উপস্হিত হৈ পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে।
উল্লেখযোগ্য যে ভাংগাৰপাৰত হাৰাং নৈৰ ওপৰত থকা পকী দলং খন দুৰ্বল হৈ পৰাত প্ৰায় তিনি বছৰ পুৰ্বে শিলচৰ - কালাইন পথটোৰে গভীৰ যানবাহনৰ চলাচল বন্ধ কৰি দিছীল লোক নিৰ্মাণ বিভাগে। পিচত ১.৩০ কোটি টকা ব্যয় কৰি দলঙ খন মেৰামতি কৰা হয়।
মেৰামতি হোৱাৰ পিছত যোৱা ২১ মে'ত গভীৰ যানবাহন চলাচলৰ বাবে পথটো মুকলি কৰি দিয়া হয়। ৪০ টনতকৈ বেছি ওজনৰ মালবাহী ট্ৰাক সমুহ এই দলঙৰ ওপৰেৰে পাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰে লোক নিৰ্মাণ বিভাগে।
এনে পৰিপ্ৰেক্ষিতত যোৱা নিশা দুখন শিল ভৰ্তি ডাম্পাৰ পাৰ হোৱাৰ সময়তে নৈৰ ওপৰত ভাঙি পৰে দলঙখন। ইফালে, ঠিকাদাৰে নিম্ন মানৰ কাম কৰি ধন আত্মসাত কৰা বাবে মেৰামতিৰ এমাহ নৌহওঁতেই দলঙখন ভাঙি পৰা বুলি অভিযোগ কৰিছে স্হানীয় লোকে।
ইয়াৰ বাবে লোক নিৰ্মাণ বিভাগো দায়ী বুলি দাবী কৰিছে স্হানীয় লোকে। তদুপৰি, অভাৰলোড ট্ৰাক সমুহ পৰীক্ষা কৰিবলৈ দুটাকৈ তালাচী গেট থকাৰ পিচত কেনেকৈ দুখন অভাৰলোড শিল ভৰ্তি ডাম্পাৰ পুৱতি নিশা দলঙখনেৰে পাৰ হ'বলৈ চেষ্টা কৰিলে, তাৰো তদন্ত হ'ব লাগে বুলি দাবী জনাইছে স্হানীয় ৰাইজে।
উল্লেখযোগ্য যে বৰাক উপত্যকাৰ মাজেৰে দেশৰ বাকী অংশৰ সৈতে যোগাযোগৰ দুটা গুৰুত্বপূৰ্ণ পথৰ ভিতৰত শিলচৰ - কালাইন এই পথটো অন্যতম। আনটো বদৰপুৰ- জোৱাই ৬ নম্বৰ ৰাষ্ট্ৰীয় প্ৰধান পথ। এইটো পথেৰেই বৰাক সহ চুবুৰীয়া ৰাজ্য মনিপুৰ মিজোৰাম আৰু ত্ৰিপুৰালৈ দৈনিক হাজাৰ হাজাৰ যানবাহন চলাচল কৰে।
কিন্তু কিছুদিন পূৰ্বে এই ৰাষ্ট্ৰীয় পথৰ কাটিগৰাত বৰাক নৈৰ ওপৰত থকা গেমন সেতু খন দুৰ্বল হৈ পৰাত সম্প্ৰতি এই গুৰুত্বপূৰ্ণ পথটোও বন্ধ কৰি দিয়া হৈছে। গেমন সেতু মেৰামতিৰ কাম যুদ্ধ কালীন তৎপৰাৰে আৰম্ভ কৰা হৈছে। গেমন সেতুৰে যাতায়ত বন্ধ কৰা বাবে শিলচৰ - কালাইন ৰোডত থকা হাৰাং নৈৰ পকী দলঙখন তাৰাতাৰি মেৰামতি কৰি গভীৰ যানবাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হয়। অতিৰিক্ত বোজা সহিব নোৱাৰা বাবেই দলঙ খন নিশা ভাঙি পৰে।