/asomiyapratidin/media/media_files/2025/06/12/10olzuV0y4c2cP5kvHkc.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ অসমত বিদেশী বিতাড়নক লৈ চৰকাৰ কঠোৰ হোৱাৰ সময়তে কাছাৰ জিলাৰ কাটিগড়াত গ্ৰেপ্তাৰ হ'ল ৭ গৰাকী বাংলাদেশী ৰোহিংগীয়া । বুধবাৰে ৰাতিপুৱা কাটিগড়া চাপ্লাই গেট এলেকাত এখন হোটেলত চাহ খাবলৈ সোমাওতে সনাতনী হিন্দু সংগঠনৰ সদস্য আৰু স্হানীয় গাওঁ ৰক্ষী বাহিনীয়ে আটক কৰে বাংলাদেশী কেইজনক।
আটক হোৱা বাংলাদেশী ৰোহিংগা কেইজনৰ ভিতৰত দুগৰাকী মহিলা, দুজন পুৰুষ আৰু তিনিটা শিশু আছে। পিচত গুমৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে বাংলাদেশী কেইজনক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। আৰক্ষীৰ জেৰাত তেওঁ লোক বাংলাদেশী বুলি স্বীকাৰ কৰে।
২০১২ চনত অবৈধ ভাবে ভাৰতত প্ৰৱেশ কৰি তেতিয়াৰে পৰাই বাংলাদেশী কেইজনে ভাৰতত গোপনে বাস কৰি আছিল।ধৃত বাংলাদেশী কেইজন মহম্মদ জুবাইৰ, মহম্মদ ৰছিদ, ৰফিকা বিবি আৰু চামছেৰা বিবি। তেওঁলোকৰ লগত থকা শিশু তিনিটাৰ নাম অৱশ্যে সদৰী কৰা নাই আৰক্ষীয়ে।।