Advertisment

কাছাৰত আঢ়ৈ কোটিৰ হেৰ'ইন আৰু গাঞ্জা জব্দ: আটক ২ সৰবৰাহকাৰী

আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত বিএছএফ'ৰ শিলচৰ ছেক্টৰৰ ১৭০ নম্বৰ বেটেলিয়েনে  (মিজোৰাম- কাছাৰ ফ্ৰন্টিয়াৰ) গেমন সেতুৰ ওচৰত ৰাষ্ট্ৰীয় পথত অভিযান চলাই মটৰ চাইকেল খনৰ পৰা হেৰ'ইন ভৰ্তি ৩৪টা চাবোনৰ বাকচ জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
.m

ডিজিটেল সংবাদ, শিলচৰ:  দুটা পৃথক অভিযানত কাছাৰত প্ৰায় আঢ়ৈ কোটি টকাৰ হেৰ'ইন আৰু গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। লগতে আটক কৰে দুজন সৰবৰাহকাৰীক। নিশা কাটিগৰা থানা এলেকাৰ বদৰপুৰ- জোৱাই ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গেমন সেতুৰ ওচৰত বিএছএফ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই এখন মটৰ চাইকেলৰ পৰা ৩৫২ গ্ৰাম হেৰ’ইন জব্দ কৰে।

Advertisment

গোপন তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত বিএছএফ'ৰ শিলচৰ ছেক্টৰৰ ১৭০ নম্বৰ বেটেলিয়েনে  (মিজোৰাম- কাছাৰ ফ্ৰন্টিয়াৰ) গেমন সেতুৰ ওচৰত ৰাষ্ট্ৰীয় পথত অভিযান চলাই মটৰ চাইকেল খনৰ পৰা হেৰ'ইন ভৰ্তি ৩৪টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা ৩৫২ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰা হয়।

হেৰ'ইনখিনিৰ মূল্য ২.৪৬ কোটি টকা বুলি বিএছএফ'ৰ এক সুত্ৰই জানিবলৈ দিয়ে। হেৰ'ইন সৰবৰাহৰ অভিযোগত আলি হুছেইন নামৰ এজন লোকক আটক কৰা হৈছে।‌ ধৃত লোক জনৰ ঘৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ চইদপুৰত।
   
ইফালে, আজি পুৱতি নিশা ডিগৰখাল চেক গেটত তালাচী চলাই আৰক্ষীয়ে এখন টাটা ছুমো যাত্ৰীবাহী বাহনৰ পৰা ৪.২০৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। শ্বিলঙৰ পৰা আইজল অভিমুখী ছুম'খনত অভিযান চলাইছিল গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পঞ্চ পল্লৱ  বৰাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে। এজন যাত্ৰী‌য়ে এখন ট্ৰলী বেগত গাঞ্জা খিনি সৰবৰাহ কৰিছিল ।

গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে লাল ইংলিয়ান (২৬) নামৰ সৰবৰাহকাৰী জনক আটক কৰে।‌ ধৃত‌ ব্যক্তি জনৰ ঘৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ বংকোৰ এলেকাৰ এদেথাৰ গাঁৱত বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। জব্দ কৰা গাঞ্জা খিনিৰ ক'লা বজাৰত মূল্য চাৰি লাখ টকা বুলি সদৰী কৰে আৰক্ষীয়ে।

হেৰ'ইন