ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান কাছাৰ আৰক্ষীৰ। লক্ষীপুৰৰ দিঘৰ ফুলেৰটল আৰু সোণাই সমষ্টিৰ ধনেহৰীত দুটা পৃথক অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ'ইন আৰু গাঞ্জাখিনি
কাছাৰৰ ফুলেৰতলৰ পৰা কেবাটাও চাবোনৰ বাকচত ১.১৭ কেজি সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে। সেইদৰে ধনেহৰীৰ পৰা ৩৮ লাখ টকাৰ ৭৩.৯৭ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ'ইনৰ মূল্য ৫.১ কোটি টকা আৰু গাঞ্জাৰ মুল্য ৩৮ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।