/asomiyapratidin/media/media_files/2025/06/10/hd9TXu5N7wa1ho7Lhg4h.jpeg)
ডিজিটেল সংবাদ শিলচৰ: প্ৰচণ্ড গৰমৰ বাবে কাছাৰ জিলাত শিক্ষানুষ্ঠাত পাঠদানৰ সময় সলনি। জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান ৰাতিপুৱা ৭-৩০ বজাত আৰম্ভ হ’ব আৰু দিনৰ ১২-১৫ বজাত অন্ত পৰিব।
এম ই স্কুল সমূহৰো পাঠদানো ৰাতিপুৱা ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু দিনৰ ১২-৪৫ বজাত অন্ত পৰিব। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত পুৱা ৭-৩০ বজাৰ পৰা পাঠদান আৰম্ভ হোৱাৰ পিছত দিনৰ ১-১৫ বজাত অন্ত পৰিব।
অহা বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। জিলা প্ৰশাসনে এক বিজ্ঞপ্তিৰ জৰিয়তে এই নিৰ্দেশ জাৰি কৰিছে।