পুৱা পথাৰত ব্যস্ত থকাৰ সময়তে ব্ৰজপাতত হেৰাল কিশোৰৰ প্ৰাণ...

কাছাৰৰ বৰখলাত আজি পুৱাই সংঘটিত হৈছে এক শোকাবহ ঘটনা। পথাৰত কৃষি কৰ্ম কৰি থকাৰ সময়তে ব্ৰজপাত পৰি এজন কিশোৰে প্ৰাণ হেৰুওৱাৰ এক ঘটনা সংঘটিত হৈছে। 

author-image
Tushar Pratim
New Update
পুৱা পথাৰত ব্যস্ত থকাৰ সময়তে ব্ৰজপাতত হেৰাল কিশোৰৰ প্ৰাণ...

ডিজিটেল সংবাদ শিলচৰঃ কাছাৰত আজি পুৱাই সংঘটিত হৈছে এক শোকাবহ ঘটনা। পথাৰত কৃষি কৰ্ম কৰি থকাৰ সময়তে ব্ৰজপাত পৰি এজন কিশোৰে প্ৰাণ হেৰুওৱাৰ এক ঘটনা সংঘটিত হৈছে। 

Advertisment

জানিব পৰা মতে কাছাৰাৰ বৰখলা প্ৰথম খণ্ডত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি পুৱা পথাৰত পিতৃৰ সৈতে হাল বাই থাকোতেই বজ্ৰপাত পৰি মৃত্যু হয় ছোহেল আহমেদ নামৰ ১৬ বছৰীয়া কিশোৰজনৰ। 

ব্ৰজপাত পৰাৰ পিছতে কিশোৰজনক স্থানীয় লোকে অচেতন অৱস্থাত উদ্ধাৰ কৰি বৰখলা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰজনৰ এইদৰে মৃত্যত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কিশোৰজনৰ এইদৰে মৃত্যুৰ পিছতে পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে স্থানীয় লোকৰ। 

কাছাৰ ব্ৰজপাত