ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তঃ শিশু তুলি ল’লে পাব ১৮০ দিনৰ ছুটী

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তঃ শিশু তুলি ল’লে পাব ১৮০ দিনৰ ছুটী
Published on
Updated on

ডিজিটেল সংবাদঃ ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পাছত বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে মন্ত্রী ৰণোজ পেগুৱে। ৰাইজৰ উন্নয়ণৰ বাবে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জনাই মন্ত্ৰীগৰাকীয়ে।

কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ-

  • কৃষি বিপণন পৰিষদৰ নিয়মীয়া কৰ্মচাৰীক VRSদিয়াৰ সিদ্ধান্ত

  • ৬১২গৰাকী নিয়মীয়া কৰ্মচাৰীক VRSদিয়াৰ সিদ্ধান্ত চৰকাৰৰ

  • VRSৰ বাবে পাবলগীয়া ধনৰ তুলনাত ১০% বেছিকৈ দিব চৰকাৰে

  • ১৫ বছৰৰ বেছি কাম কৰা সকলে লাভ কৰিব ৬ লাখ টকা

  • ৪৫ দিনৰ ভিতৰত VRS প্রক্রিয়া সম্পূৰ্ণ কৰাৰ চেষ্টা

  • ‘আপোন ঘৰ’ৰ ঋণ ১৫ লাখ টকাৰ পৰা ৩০ লাখলৈ বৃদ্ধি

  • ঋণৰ ১% কৈ সুদ আদায় দিব চৰকাৰে

  • ৰাজ্যিক চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা

  • মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ ছুটীৰ সিদ্ধান্ত কেবিনেটৰ

  • এবছৰতকৈ সৰু শিশু তুলি ল’লে পাব ১৮০ দিনৰ ছুটী

  • ১৩১গৰাকী ঠিকাভিত্তিক কৰ্মীয়ে ১০ বছৰৰ কম কাম কৰিলে পাব ৫ লাখ টকা

  • ১০ৰ পৰা ১৫ বছৰলৈ কাম কৰা সকলে ৫.৫০ লাখ টকা পাব VRSৰ সময়ত

  • ১৫ বছৰৰ বেছি কাম কৰা সকলে পাব ৬ লাখ টকা

  • ১৬ ফিক্স পে কৰ্মচাৰীয়েও পাব VRSৰ ধন

  • ৪৫ দিনৰ ভিতৰত VRS প্রক্রিয়া শেষ কৰাৰ চেষ্টা কৰা হ’ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in