/asomiyapratidin/media/media_files/2025/05/16/FCAIKgwI1LiZqsMGbN73.jpg)
কেবিনেট বৈঠক
ডিজিটেল ডেস্ক : শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত অনাগত দিনৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এই বৈঠকৰ অন্তত আজি সংবাদমেল সম্বোধন কৰে দুই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ডা০ ৰণোজ পেগুৱে। দুয়োগৰাকী মন্ত্ৰীয়ে আজিৰ কেবিনেটত লোৱা প্ৰস্তাৱ আৰু সিদ্ধান্তসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে।
কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, ৩৩৫.২৫ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত স্থাপন হ'ব নতুন হোটেল। তাৰোপৰি মেৰিয়েট হোটেল স্থাপনতো আজিৰ কেবিনেটে অনুমোদন জনোৱাৰ কথা অৱগত কৰে মন্ত্ৰী ডা০ ৰণোজ পেগুৱে।
একেদৰে আজিৰ কেবিনেট বৈঠকত লোৱা আন এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে- ১,৩১১ গৰাকী কম্পিউটাৰ শিক্ষকৰ দৰমহা ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা। তেওঁলোকে ৬০ বছৰলৈকে আগবঢ়াব পাৰিব সেৱা। তাৰোপৰি এইসকল শিক্ষকে ‘আপোন ঘৰৰ আঁচনি’ৰো সুবিধা লাভ কৰিব বুলি মন্ত্ৰী পেগুৱে সংবাদমেলত উল্লেখ কৰে।
আনহাতে ‘আমূল’ৰ নতুন প্ৰকল্প স্থাপনৰ বাবে ৰাণীত ২০ বিঘা মাটি আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে। ৭৫ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিব এই প্ৰকল্পটো।
উক্ত সংবাদমেলতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পঞ্চায়ত গঠন সন্দৰ্ভত ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱাৰ কথা ৰাজহুৱা কৰে। আজিৰ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে অহা ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত গঠন হ'ব ২১৯২ খন গাঁও পঞ্চায়ত। ১১ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত গঠন হ'ব ১৮১ খন আঞ্চলিক পঞ্চায়ত।
তাৰোপৰি ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত গঠন হ'ব ২৭ খন জিলা পৰিষদ। ইয়াৰ বাবে জিলা আয়ুক্তই নিয়োগ কৰিব কৰ্তৃত্বশীল বিষয়া। লগতে জনাই যে, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যই বাছনি কৰিব সভাপতি।
উল্লেখযোগ্য যে, ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন। এইবাৰ ৰাজ্য চৰকাৰে বহল ভিত্তিত আয়োজন কৰিব শিল্পীগৰাকীৰ ওপজা দিন। গতিকে এই অনুষ্ঠানত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী- এই কথাও আজিৰ কেবিনেটে জানিবলৈ দিয়ে।
কেৱল ইমানেই নহয়, শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধ জনাই ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। এই এদিনীয়া অধিবেশনত সুধাকণ্ঠৰ সম্পৰ্কত আলোচনা হ'ব বুলিও সংবাদমেলত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us