/asomiyapratidin/media/media_files/2025/07/31/ap-for-web-cm-2025-07-31-18-02-28.jpg)
ডিজিটেল ডেস্ক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ আন এখন বৈঠক। এই বৈঠকত ৰাজ্যৰ সামগ্ৰীক উন্নয়নৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকৰ অন্ততত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গৱেষক শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ’ব ২৫,০০০ টকা। ২০২১ চনৰ গৱেষণা কৰি থকা শিক্ষাৰ্থীলৈ আগবঢ়াব এই ধন।
তাৰোপৰি শিক্ষাৰ্থীগৰাকী বিশেষভাৱে সক্ষম হ’লে লাভ কৰিব ৪০ হাজাৰ টকা। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত এই অনুদান আগবঢ়োৱা হ’ব।
একেদৰে আজিৰ কেবিনেটে বদৰপুৰত পানী যোগান আঁচনিত অনুমোদন জনায়। কৰিমগঞ্জ, হাইলাকান্দিৰ বাবেও স্থাপন কৰা হ’ব প্রকল্প। ১৫শ কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰসকলে লাভ কৰিব। লগতে জল মিত্র আৰু জল সহায়কৰ মৃত্যুত ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে সহকাৰী অভিযন্তা যোষিতা দাসৰ মৃত্যুৰ তদন্ত CBI লৈ হস্তান্তৰ কৰাৰ কথাও অৱগত কৰে।
আনহাতে কলেজ শিক্ষকৰ পদোন্নতি নিৰ্দিষ্ট দিনটোৰ পৰাই হিচাপত ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে। অৱশ্যে তেওঁলোকে বিত্তীয় সুবিধা লাভ নকৰাৰ কথাও সদৰী কৰে সংবাদমেলত।
ইফালে বসুন্ধৰা আঁচনিৰ বহুকেইখন আবেদন ৰাজ্যিক কেবিনেটে নিষ্পত্তি কৰা বুলি জানিবলৈ দিয়ে। মিছন বসুন্ধৰা ৩ৰ অধীনত ৰাজহুৱা প্রতিষ্ঠানৰ কাম কৰি থকাৰ কথাও অৱগত কৰে ড০ শৰ্মাই। চৰকাৰী অনুষ্ঠান, নামঘৰ আদিলৈ মাটি প্ৰদানৰ ৮০ শতাংশ কাম সম্পন্ন হোৱাৰ সম্পৰ্কতো তেওঁ জানিবলৈ দিয়ে।
আনহাতে কিৰাট টাইবেল বেল্ট এণ্ড অন্যান্য জনগোষ্ঠীয় লোকক সংৰক্ষিত শ্রেণী হিচাপে তালিকাভুক্ত কৰা বুলি জানিবলৈ দি ইয়াৰ ভিতৰত আহোম, চুতীয়া, মৰাণ, মটক আদি জনগোষ্ঠীৰ লোক থকাৰ কথা উল্লেখ কৰে। উচ্ছেদনৰ সম্পৰ্কত তেওঁ কয়- শীঘ্রেই গুৱাহাটীতো উচ্ছেদ চলোৱা হ’ব।
তেওঁ আৰু কয়- তিনিটা প্রজন্ম অসমৰ নহ’লে তেনে লোকৰ ক্ষেত্রত জৰীপ কৰা হ’ব। ১ লাখ ২৯ হাজাৰ বিঘা মাটি বেদলখমুক্ত কৰা হৈছে, উচ্ছেদিত মিঞাসকলক বাংলাদেশলৈ পঠোৱা হ’ব।
আনহাতে গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্রীগৰাকীয়ে মন্তব্য কৰি কয়- সাংসদগৰাকীয়ে সদনত সদায় ভাৰতৰ বিৰুদ্ধে কথা কয়। সাংসদ গৌৰৱ গগৈয়ে সদায় পাকিস্তানক সমৰ্থন কৰি আহিছে। সংসদত তেওঁ সদায় পাকিস্তানৰ সমৰ্থনত প্রশ্ন কৰি আহিছে।