কেবিনেট বৈঠকৰ সিদ্ধান্ত : জে’লৰ ভিতৰত থকা কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব আৰ্থিক সাহায্য

শনিবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। এই বৈঠকত অনাগত দিনৰ উন্নয়নমূলক কাম- কাজৰ বাবে কেইবাটাও সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। বৈঠকত নতুনকৈ শপত লোৱা চাৰিগৰাকী মন্ত্ৰীয়েও অংশ লয়

author-image
Asomiya Pratidin
New Update
xdfhjf

ডিজিটেল ডেস্ক : শনিবাৰে ৰাজ্যিক অতিথিশালা-১, কইনাধৰাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। এই বৈঠকত অনাগত দিনৰ উন্নয়নমূলক কাম- কাজৰ বাবে কেইবাটাও সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। 

আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদমেল সম্বোধন কৰি এই বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আজিৰ কেবিনেট বৈঠকত নতুনকৈ শপত লোৱা চাৰিগৰাকী মন্ত্ৰীয়েও অংশ লয়।

ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্তসমূহ হৈছে-
•    বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন।
•    শিলচৰ আৰু গুৱাহাটীত হ’ব ইয়াৰ কাৰ্যালয়।
•    যিসকলে ক্রীড়া পেঞ্চন লাভ কৰে তেওঁলোকৰ চিলিং ফ্রীত অনুমোদন জনায়।
•    ৰাজ্যত ইথানল প্রস্তুত কৰা তিনিটা উদ্যোগলৈ ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।
•    জে’লৰ ভিতৰত থকা কয়দীৰ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব আৰ্থিক সাহায্য।
•    একেদৰে জে’লৰ ভিতৰত থকা কয়দীৰ কাৰোবাৰ মাজত কাজিয়া হৈ মৃত্যু হ’লে পাব ২ লাখ টকা।
•     আনহাতে জে’ল কৰ্তৃপক্ষৰ হাৰাশাস্তিৰ বাবে মৃত্যু হ’লে পাব ৩ লাখ টকা।
•    জে’ল কৰ্তৃপক্ষ আৰু পেৰামেডিকেল টীমৰ গাফিলতিৰ বাবে মৃত্যু হ’লে পাব ৪ লাখ টকা।
•    আৰু যদি কয়দীয়ে আত্মহত্যা কৰে, তেন্তে পৰিয়ালে পাব ৩ লাখ টকা।

assam govt Jayanta Mallabarua