Advertisment

কৃষক সকলে পাব সকাহ! কেন্দ্ৰীয় চৰকাৰে দিলে এই ভাল খবৰ...

ন বছৰত দেশৰ কৃষকসকলৰ বাবে এটা যথেষ্ট সকাহৰ খবৰ লৈ আহিছে মোডী চৰকাৰে। যোৱা বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে,  এতিয়াৰে পৰা

author-image
Asomiya Pratidin
New Update
বাবে ভাল খবৰ

বাবে ভাল খবৰ Photograph: (বাবে ভাল খবৰ)

ডিজিটেল ডেস্কঃ ন বছৰত দেশৰ কৃষকসকলৰ বাবে এটা যথেষ্ট সকাহৰ খবৰ লৈ আহিছে মোডী চৰকাৰে। যোৱা বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে,  এতিয়াৰে পৰা কৃষিভূমিত ব্যৱহাৰ হোৱা কীটনাশক সাৰৰ ক্ষেত্ৰত প্ৰতি মেট্ৰিক টনত ৩৫০০টকাৰ চাবচিডী লাভ কৰিব কৃষকসকলে। ২০২৫ৰ ১জানুৱাৰীৰ পৰা কৃষকসকলে লাভ কৰিব এই সুবিধা।

Advertisment

এই বিশেষ পেকেজটোৰ জৰিয়তে দেশৰ কৃষকসকলৰ কল্যাণৰ লগতে সুলভ মূল্যত যাতে খেতিয়কসকলে সাৰসমূহ লাভ কৰে সেই কথা নিশ্চিতকৰণৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী নিৰ্দেশ প্ৰদান নকৰা লৈকে কৃষকসকলে লাভ কৰিব এই সুবিধা।

উল্লেখ্যে যে, ২০২৪ৰ ১এপ্ৰিলৰ পৰা ২০২৪ৰ ৩১ডিচেম্বৰৰ লৈকে প্ৰযোজ্য হোৱাকৈ পূৰ্বে এনে আঁচনিৰ বাবে প্ৰায় ২,৬২৫কোটি টকা ব্যয় কৰিছিল কেন্দ্ৰীয় চৰকাৰে। 

মোডী চৰকাৰ