কেবিনেট বৈঠকঃ ১৮ বছৰৰ ওপৰৰ লোকে নতুনকৈ নাপাব আধাৰ কাৰ্ড

বৃহস্পতিবাৰে কইনাধৰাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
DSDSDSDSDSD

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কইনাধৰাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Advertisment

ৰাজ্যিক কেবিনেটে দীঘলী পুখুৰীৰ সমীপৰ পৰা নুনমাটি অভিমুখে জিএনবি ৰোডৰ চাৰিলেনযুক্ত উৰণ সেতুখনক মহাৰাজ পৃথুৰ সন্মানত ‘মহাৰাজ পৃথু উৰণীয়া সেতু’ নামেৰে নামকৰণ কৰাত অনুমোদন জনাইছে।

গুৱাহাটীত আই আই এম স্থাপনৰ কথা ঘোষণা কৰাৰ বাবে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অসম কেবিনেটে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। এই পদক্ষেপে অঞ্চলটোৰ উচ্চ শিক্ষা আৰু গৱেষণাক শক্তিশালী কৰাই নহয়, উত্তৰ-পূব ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে বৃদ্ধি, উদ্ভাৱন, আৰু সুযোগৰ নতুন পথ মুকলি কৰিব বুলিও বৈঠকত উল্লেখ কৰা হয়।

ইফালে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান সফলভাৱে চলাই বেদখলকাৰীৰ পৰা ভূমি মুক্ত কৰাৰ বাবে নগালেণ্ড চৰকাৰ আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক কেবিনেটে ধন্যবাদ জ্ঞাপন কৰে। নগালেণ্ড চৰকাৰৰ সৈতে যৌথভাৱে উৰিয়ামঘাটত উচ্ছেদ কৰা অঞ্চলসমূহ গছপুলি ৰোপণ কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰিছে। ২০২৫ চনৰ ২৩ আগষ্টৰ পৰা  পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিতযৌথভাৱে বাগিচা অভিযান আৰম্ভ হয়।

আনহাতে, যিকোনো অনুপ্ৰৱেশকাৰীৰ সম্ভাৱ্য প্ৰৱঞ্চনামূলক আধাৰ নামভৰ্তি ৰোধ কৰিবলৈ অসমত ১৮ বছৰৰ ওপৰৰ নাগৰিকৰ আধাৰ নামভৰ্তিৰ বাবে সংশোধিত SOP (Standard Operating Procedure) "State Government Portal" ৰ অধিসূচনা/কাৰ্য্যকৰীত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। উল্লেযোগ্য যে, সীমান্তৰ সিপাৰৰ পৰা অহা কোনো অনুপ্ৰৱেশকাৰীয়ে যাতে প্ৰৱঞ্চনাৰে আধাৰ লাভ কৰিব নোৱাৰে তাৰ বাবে এছ অ’ পিৰ প্ৰয়োজন।

লগতে, ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অধীনত অনুমোদিত পিএমএৱাই-জিৰ অধীনত ৩,১৪,৭৭৩ জন হিতাধিকাৰীক অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনায়।

সমগ্ৰ অসমতে দক্ষতা শিক্ষাৰ বাবে ৫০টা হাব আৰু ৫০০ স্প’ক মডেল ৰূপায়ণৰ বাবে সমগ্ৰা শিক্ষা এক্সোমৰ সৈতে কৌশলগত অংশীদাৰ হিচাপে নেলকো লিমিটেড (টাটা-নেলকো)ক মনোনয়ন কৰাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। প্ৰথম পৰ্যায়ত ১০টা হাব আৰু ৭০টা স্পক স্থাপন কৰা হ’ব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেট অসম কেবিনেট কেবিনেট সিদ্ধান্ত