/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/jatabn.jpg)
ডিজিটেল ডেস্ক: বুধবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই। অসম পৰ্যটন উদ্যোগ সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত সমূহ-
কাজিৰঙাত হায়াট গ্রুপে নিৰ্মাণ কৰিব হোটেল।
অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত নিৰ্মাণ হ’ব পঞ্চতাৰকা হোটেল।
ফিক্স পে’ কলেজ শিক্ষকৰ দৰমহা ৫৫ হাজাৰলৈ বৃদ্ধি।
১১ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।
ৰাজ্যৰ গৃহৰক্ষী জোৱানসকলৰ মজুৰি বৃদ্ধি।
গৃহৰক্ষী জোৱানসকলৰ মাহিলি মজুৰি হ’ব ২৩,০১০ টকা।
ভৈয়ামত বাস কৰা পাহাৰীয়া জনজাতিয়ে পাব প্রমাণ পত্র।
ভৈয়ামৰ জনজাতি লোকেও লাভ কৰিব প্রমাণ পত্র।
HSত প্রথম স্থান লাভ কৰা ছাত্রীয়ে পাব স্কুটী।
HSত ৭৫% নম্বৰ লাভ কৰা ছাত্রও পাব স্কুটী।
নৱেম্বৰৰ পৰা আৰম্ভ হ’ব স্কুটী বিতৰণ কাৰ্যসূচী।
২৯,৭৪৮ গৰাকী ছাত্রী, ৬,০৫২ জন ছাত্রক দিয়া হ’ব স্কুটী।
২৮,২৯, ৩০ অক্টোবৰত মাইক্র’ ফাইনেন্সৰ ঋণৰ চেক প্রদান কৰা হ’ব।
প্রদান কৰা হ’ব মাইক্র’ ফাইনেন্সৰ দ্বিতীয় কেটেগ’ৰীৰ চেক।
নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত দিৱস।