এনচিডিচিৰ বাবে ২,০০০ কোটি টকাৰ অনুদান কেন্দ্ৰীয় কেবিনেটৰ

দেশৰ সমবায় খণ্ডলৈ এক উল্লেখযোগ্য উত্থানৰ বাবে প্ৰকল্প হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে দেশৰ সমবায় খণ্ডৰ বাবে ২০০০ কোটি টকাৰ আৰ্থিক ব্যয় ধাৰ্য কৰিছে।

author-image
Asomiya Pratidin
New Update
AP FOR WEBghfgu

ডিজিটেল ডেস্ক : দেশৰ সমবায় খণ্ডলৈ এক উল্লেখযোগ্য উত্থানৰ বাবে প্ৰকল্প হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে দেশৰ সমবায় খণ্ডৰ বাবে ২০০০ কোটি টকাৰ আৰ্থিক ব্যয় ধাৰ্য কৰিছে।

“ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমলৈ সাহায্য অনুদান” শীৰ্ষক আঁচনিৰ অধীনত হ’ব লগা উক্ত প্ৰকল্পৰ বাবে আৰ্থিক ব্যয়ত অনুমোদন জনাইছে কেবিনেটে। ২০২৫–২৬ চনৰ পৰা ২০২৮–২৯ চনলৈ চাৰি বছৰত বিস্তৃত এই আঁচনিখনে ভাৰত চৰকাৰৰ বাজেট সহায়ৰ জৰিয়তে বছৰি ৫০০ কোটি টকা প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে চৰকাৰে।

উল্লেখযোগ্য যে, অনুমোদিত অনুদানৰ জৰিয়তে এনচিডিচিয়ে এই চাৰি বছৰৰ ভিতৰত মুকলি বজাৰৰ পৰা ২০ হাজাৰ কোটি টকা সংগ্ৰহৰ ক্ষমতা লাভ কৰিব। এই ধনৰাশি দুগ্ধ, পশুধন, মীন, চেনি, বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ, শীতল মজুত, শ্ৰমিক, আৰু মহিলা নেতৃত্বাধীন পদক্ষেপ আদি বিভিন্ন খণ্ডৰ সমবায়সমূহক ঋণ হিচাপে নিয়োগ কৰা হ’ব। 

আনহাতে এই পুঁজিয়ে নতুন আৰু সম্প্ৰসাৰণ প্ৰকল্প দুয়োটাকে সহায় কৰাৰ লগতে সমবায়সমূহক কাৰ্য্যকৰী দক্ষতা বৃদ্ধিৰ বাবে কাৰ্য্যকৰী মূলধন প্ৰদান কৰিব। এই আঁচনিখনে সমগ্ৰ দেশৰ ১৩,২৮৮খন সমবায় সমিতিৰ প্ৰায় ২.৯ কোটি সদস্যক প্ৰত্যক্ষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

নৰেন্দ্ৰ মোদী