ক্ৰীড়া ক্ষেত্ৰলৈ ভাল খবৰঃ নতুন ক্ৰীড়া নীতিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ...

এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক শীৰ্ষ পাঁচখন ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। লগতে ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিভাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ত অনুমোদন জনাইছে। এইটো দেশৰ ক্ৰীড়া পৰিৱেশৰ নতুন ৰূপ ধাৰণ আৰু ক্ৰীড়াৰ জৰিয়তে নাগৰিকক সবলীকৰণৰ লক্ষ্যৰে লোৱা এক পদক্ষেপ।

Advertisment

ই নতুন ক্ৰীড়া নীতিয়ে বৰ্তমানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০০১ ৰ ঠাই ল’ব। ইয়াৰ জৰিয়তে ভাৰতক বিশ্বৰ ক্ৰীড়াৰ ক্ষেত্ৰত শক্তিশালী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে এক দূৰদৰ্শী আৰু কৌশলগত ৰোডমেপ উপস্থাপন কৰা হ’ব। লগতে ২০৩৬ চনৰ অলিম্পিক গেমছকে ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানত শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিষ্ঠা কৰা হ’ব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নীতি আৰু কেবিনেটৰ অন্যান্য সিদ্ধান্ত উন্মোচন কৰি সাংবাদিকৰ আগত কয় যে, "আমি যোৱা ১০ বছৰৰ অভিজ্ঞতা ব্যৱহাৰ কৰিছো আৰু নতুন নীতিয়ে ক্ৰীড়াৰ উন্নতিৰ দিশত কাম কৰিব। এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক শীৰ্ষ পাঁচখন ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। লগতে ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিভাক আগুৱাই নিয়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। 
ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ৰীড়া