Advertisment

নৱবৰ্ষৰ প্ৰাকক্ষণত দেশৰ নাৰিকল খেতিয়কৰ বাবে ভাল খবৰ !  ক’প্ৰাৰ ন্যূনতম সমৰ্থন মূল্যত অনুমোদন কেবিনেটৰ

নতুন বছৰৰ প্ৰাকক্ষণত দেশৰ নাৰিকল খেতিয়কৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। ২০২৫ বৰ্ষত ক’প্ৰাৰ অধীনত ন্যূনতম সমৰ্থন মূল্যৰ বাবে পৰিকাঠামো প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

author-image
Asomiya Pratidin
New Update
copra

copra

ডিজিটেল ডেস্ক : নতুন বছৰৰ প্ৰাকক্ষণত দেশৰ নাৰিকল খেতিয়কৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। ২০২৫ বৰ্ষত ক’প্ৰাৰ অধীনত ন্যূনতম সমৰ্থন মূল্যৰ বাবে পৰিকাঠামো প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰকল্পৰ বাবে চৰকাৰে ব্যয় কৰিব ৮৫৫ কোটি টকা। শুকুৰবাবে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। 

Advertisment

কেবিনেট বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ প্ৰতি অতি নিষ্ঠা আৰু দায়বদ্ধতাৰ মনোভাৱেৰে কাম কৰিছে। শুকুৰবাৰে অনুষ্ঠিত কেবিনেটত কৃষকৰ বাবে এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশৰ ৫খন ৰাজ্য সামৰি ২০২৫ৰ বাবে 'ক’প্ৰা'ৰ মূল্য নীতি অনুমোদন কৰা হৈছে। 

উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে লগতে জনাই যে ‘মিলিং কপ্ৰা’ৰ এম এছ পি ৪২০ টকাৰ পৰা ১১,৫৮২ টকা প্ৰতি কুইণ্টলত বৃদ্ধি কৰাৰ বিপৰীতে ২০২৫ চনৰ বাবে ‘বল ক’প্ৰা’ৰ বাবে ১০০ টকাৰ পৰা ১২,১০০ টকাকৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰই মিলিং ক'প্ৰা আৰু বল ক'প্ৰাৰ বাবে এমএছপি প্ৰতি কুইণ্টল ৫,২৫০ টকা বৃদ্ধি কৰিছে।

একেদৰে মাৰ্কেটিং ছিজন ২০২৫ৰ বাবে প্ৰতি কুইণ্টলত ১২,১০০ টকালৈ বৃদ্ধি কৰি ১২১ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে। এক বিবৃতিত উল্লেখ কৰা অনুসৰি কেন্দ্ৰই কয় যে অধিক এম এছ পিয়ে নাৰিকল খেতিয়কসকলক উন্নত পাৰিতোষিক লাভ নিশ্চিত কৰাই নহয়, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয়তে নাৰিকলজাত সামগ্ৰীৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে ক’প্ৰা উৎপাদন সম্প্ৰসাৰণৰ বাবেও কৃষকসকলক উদগনি যোগাব।

pm modi central govt