স্থানীয়ভাৱে ইলেক্ট্ৰনিকছৰ উপাদান প্ৰস্তুতত গুৰুত্ব কেন্দ্ৰৰ : ২.৭ বিলিয়ন ডলাৰ ব্যয়ৰ অনুমোদন কেবিনেটৰ...

স্থানীয়ভাৱে ইলেক্ট্ৰনিকছৰ উপাদান প্ৰস্তুতত অধিক গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত শুকুৰবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকত কেতবোৰ আলোচনা কৰা হয়। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। 

author-image
Asomiya Pratidin
New Update
স্থানীয়ভাৱে ইলেক্ট্ৰনিকছৰ উপাদান প্ৰস্তুতত গুৰুত্ব কেন্দ্ৰৰ

ডিজিটেল ডেস্ক : স্থানীয়ভাৱে ইলেক্ট্ৰনিকছৰ উপাদান প্ৰস্তুতত অধিক গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত শুকুৰবাৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকত কেতবোৰ আলোচনা কৰা হয়। এই কথা সদৰী কৰিছে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। 

Advertisment

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, স্থানীয়ভাৱে ইলেক্ট্ৰনিকছৰ উপাদান প্ৰস্তুতৰ বাবে শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ইয়াৰ বাবে কেবিনেটে ২.৭ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে এক প্ৰকল্পত অনুমোদন জনাইছে। তাৰোপৰি বিদেশী সংস্থাই যদি এই প্ৰকল্পৰে জড়িত হ’ব বিচাৰে তেন্তে তেওঁলোককো ৫০ শতাংশ পৰ্যন্ত ৰাজসাহাৰ্য প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।

একেদৰে এই প্ৰকল্পত বিনিয়োগো কৰিব পাৰিব সংস্থাসমূহে। লগতে প্ৰস্তাৱিত প্ৰকল্পৰযোগেদি নিয়োগৰ সুবিধাও আদায় কৰিব পাৰিব বহু যুৱক- যুৱতীয়ে। এই প্ৰকল্পত প্ৰায় ৯১ হাজাৰ ৬শটা পদৰ সৃষ্টি হ’ব বুলি প্ৰসংগক্ৰমে মন্তব্য কৰে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

Ashwini Vaishnaw