ক্ষুদ্ৰ ব্যৱসায়ী, খেলুৱৈৰ লগতে পঞ্চায়তৰ সীমা নিৰ্ধাৰণক লৈ বহুকেইটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটত

ক্ষুদ্ৰ ব্যৱসায়ী, খেলুৱৈৰ লগতে পঞ্চায়তৰ সীমা নিৰ্ধাৰণক লৈ বহুকেইটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটত

author-image
Asomiya Pratidin
New Update
ক্ষুদ্ৰ ব্যৱসায়ী, খেলুৱৈৰ লগতে পঞ্চায়তৰ সীমা নিৰ্ধাৰণক লৈ বহুকেইটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কেবিনেটত

ডিজিটেল ডেস্কঃ বুধবাৰে লোকসেৱা ভৱনত অসমৰ চৰকাৰৰ কেবিনেট বৈঠকখনি অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা এই বৈঠকখনত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহ বৈঠকৰ অন্তত সংবাদমেল পাতি ৰাজহুৱা কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

Advertisment

আজিৰ কেবিনেটে পঞ্চায়ত আৰু ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে আজিৰ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তৰ ওপৰত কয় যে,  ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে । নিৰ্বাচনৰ পূৰ্বে সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব । গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰ সংখ্যা পূৰ্বৰ দৰে একেই থাকিব যদিও কোনোবা সমষ্টিত সাল-সলনি হ'ব পাৰে ।

ইফালে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত একোটাকৈ য়ুথ ক্লাবৰ বাবে ১৫ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়। খেল মহাৰণৰ পিছত ৰাজ্যৰ বিভিন্ন জিলাত খেলৰ সা-সঁজুলিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি,  খেলৰ মান উন্নত কৰাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ একোটা য়ুথ ক্লাৱৰ আন্তঃগাঠনিৰ বাবে ৫ লাখ টকা আৰু খেলৰ সা-সঁজুলিৰ বাবদ ১০ লাখ টকা খৰচ কৰা হ'ব । ইয়াৰ বাবে জিলা আয়ুক্তৰ নেতৃত্বত এখন সমিতি থাকিব বুলিও সদৰি কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

আনফালে আজিৰ কেবিনেটত গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। জি এছ টিক লৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হোৱা শংকা দূৰ কৰাৰ বাবে আজিৰ কেবিনেটত উদ্যোগ গ্ৰহণ কৰা হয় ।  ইয়াৰ বাবে দুগৰৈাকী মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা হৈছে।

এই মন্ত্ৰী দুগৰাকীয়ে  তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, তেজপুৰ, শিলচৰ আৰু গুৱাহাটীৰ ব্যৱসায়ীসকলৰ সৈতে আলাপ আলোচনাত মিলিত হব। তাৰ ঠিক ১৫দিনৰ পিছতে এই মন্ত্ৰীদুগৰাকীয়ে উক্ত শংকাসমূহক লৈ চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব।

Also Read: নতুন ৰূপত, নতুন সীমাৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন...

অসম চৰকাৰৰ কেবিনেট বৈঠক