ডিচেম্বৰ মাহৰ ভিতৰত কাৰ্যকৰী হ’ব কা!

ডিচেম্বৰ মাহৰ ভিতৰত কাৰ্যকৰী হ’ব কা!

author-image
asomiyapratidin
New Update
কেৰালাত প্ৰযোজ্য নহয় নাগৰিকত্ব সংশোধনী আইন…

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক অসীম সৰকাৰে শুকুৰবাৰে দাবী কৰে যে নাগৰিকত্ব সংশোধনী আইন (কা) ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। পশ্চিম বংগত বিজেপিৰ শৰণাৰ্থী কোষৰ মুৰব্বী চৰকাৰে কয় যে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে ৰাজ্যখনত কা কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছে। ৰাজ্যিক শৰণাৰ্থী কোষৰ মুৰব্বী হিচাপে, মই ভাবো এই ডিচেম্বৰৰ ভিতৰত 'কা' কাৰ্যকৰী হ'ব।

Advertisment

তেওঁ কয় যে, "জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ পশ্চিম বংগত 'কা' কাৰ্যকৰী কৰাৰ প্ৰয়োজন আছে, বিশেষকৈ সীমান্তৱৰ্তী জিলা সমূহত থকা হিন্দু শৰণাৰ্থীসকলৰ বাবে। তেওঁ কয় যে নাদিয়া জিলাৰ হৰিংঘাটাৰ বিধায়ক গৰাকীয়ে আগতে কৈছিল যে যদি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' কাৰ্যকৰী কৰা নহয়, তেন্তে বাংলাদেশৰ হিন্দু শৰণাৰ্থী সকলৰ মাজত থকা সমস্যা কেতিয়াও আঁতৰ নহ'ব।

ইয়াৰ মাজতে দেশৰ বিভিন্ন স্থানত অব্যাহত আছে 'কা' বিৰোধী প্ৰতিবাদ। তৃণমূল কংগ্ৰেছে কৈছে যে কোনো কাৰণতে পশ্চিম বংগত 'কা' কাৰ্যকৰী হ'বলৈ দিয়া নহয়। তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী জোতিপ্ৰিয় মল্লিকে কয় যে অসীম চৰকাৰৰ দৰে মানুহে মিছা কথা কৈ মানুহক মূল সমস্যাৰ পৰা আঁতৰ কৰিব বিচাৰে।

তেওঁ কয় যে, কেৱল পশ্চিম বংগতেই নহয়, সমগ্ৰ ভাৰততে 'কা' কাৰ্যকৰী কৰা নহয়। কিয়নো কা-ৰ বিৰুদ্ধে প্ৰায় ৩০০ টা গোচৰ আদালতত এতিয়াও নিষ্পত্তি হোৱা নাই।

আৰু পঢ়ক: প্ৰতিশ্ৰুতি পূৰণ কৰি দৃষ্টিহীন বিদ্যালয়ত শিক্ষাৰ্থীয়ে বিচৰা অনুসৰি বাদ্যযন্ত্ৰ প্ৰদান কৰিলে মন্ত্ৰী হাজৰীকাই

west bengal caa tmc bjp