ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কেন্দ্ৰ কৰি ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে । পিছত পৰি থকা নাই বিটিআৰ ৰ একমাত্ৰ উপ-নিৰ্বাচন অনুষ্ঠিত হব লগা ৩১ নং চিদলী বিধানসভা সমষ্টিৰ ৰাজনৈতিক তৎপৰতা । আজিৰ দিনটোতো চিদলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কেন্দ্ৰীক দৃশ্যপট অপৰিবৰ্তিত অবস্থাতে দেখিবলৈ পোৱা গৈছে ।
কালি চিৰাং জিলাৰ নিৰ্বাচনী বিষয়া যতীন বৰাই নিৰ্বাচনী অধিসূচনা অনুসৰি আজিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হবলগা প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা ঘোষনা কৰিছিল কিন্তু আজিলৈকে বিটিচিৰ শাসকীয় ইউপিপিএল বা বিৰোধী দলৰ বিপিএফ কোনো এটা দলে তেওঁলোকৰ মনোনীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই ।
তাৰ মাজতেই আজি চিৰাং জিলাৰ কাশিকোত্ৰাত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হকে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিচালনা সমিতিৰ কাৰ্যালয় উদ্বোধন কৰি উপ-নিৰ্বাচনৰ ৰণশিঙা বজাই দিয়ে ইউপিপিএল দলৰ হৈ বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভিপতি প্ৰমোদ বড়ো আৰু বিজেপিৰ হৈ ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে ।
আজিৰ এই নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্য্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত ইউপিপিএল দলৰ সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক ল'ৰেন্স ইচলাৰী, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ডঃ নিলুৎ স্বৰ্গীয়াৰী, ধনঞ্জয় বসুমতাৰী, ৰঞ্জিত বসুমতাৰী, বিজেপি দলৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা বিজেপিৰ সভাপতি ৰতন ৰায়, এজিপিৰ কেন্দ্ৰীয় উপসভাপতি কৰ্ণমোহন ৰায়, চিৰাং বিধান পৰিষদৰ সভাপতি কৰেন্দ্ৰ চন্দ্ৰ দাসৰ উপৰি এনডিএ মিত্ৰজোঁটৰ শীৰ্ষ নেতৃত্ব সকল।
আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বডোই কয় আগন্তুক চিদলী সমষ্টিৰ উপ-নিৰ্ব্বাচনক লৈ আমাৰ মিত্ৰজোঁটৰ চিন্তা কৰিবলগীয়া নাই কাৰণ এই মূহুৰ্তত নিৰ্বাচনী যুঁজত বিৰোধী শূন্য হৈ গৈছে ।
বিটিআৰবাসী তথা চিদলী সমষ্টিৰ ৰাইজে বুজিব পাৰিছে যে বিগত চৰকাৰৰ দিনত এইটো অঞ্চলত কি অশান্তিৰ বাতাবৰণৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছিল আৰু ২০২০ চনত বিটিচিত আমি মিত্ৰজোট চৰকাৰ গঠন কৰাৰ পিছত এইটো অঞ্চলত অশান্তিৰ বাতাবৰণ ঘোচাই কেনেদৰে শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছো।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰদৰ্শী নেতৃত্বত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত এইটো অঞ্চলত যি উন্নয়নমূলক কাম কাজ আৰম্ভ হৈছে সেয়া এই সমষ্টিবাসী ৰাইজে অনুভৱ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত বিগত লোকসভা নিৰ্বাচনত ৰাইজে এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়ী কৰি পঠিয়াইছে । বিৰোধী দলে বিগত পৰিষদীয় নিৰ্বাচনত পৰাজিত হৈছে, লোকসভা নিৰ্বাচনতো ভোটাৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে তেনেক্ষেত্ৰত এই উপ-নিৰ্বাচনক বিৰোধী দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীক কিয় ভোট দিব বুলি প্ৰশ্ন উত্থাপন কৰে ।
৩১ নং চিদলী বিধানসভা সমষ্টিৰ বাবে এনডিএ মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যেই চাৰিজনীয়া বাচনি সমিতিয়ে চুৰান্ত কৰি লেফেপা বন্দী কৰি থৈ দিছে দুই এদিনৰ ভিতৰতে প্ৰাৰ্থী গৰাকীৰ নাম ঘোষনা কৰা হব বুলি সদৰি কৰে।আনপিনে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত তিনিজনকৈ প্ৰাৰ্থীত্ব দাবীদাৰ ক্ৰমে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, জিলা ইউপিপিএল সভাপতি তথা প্ৰাক্তন পাৰিষদ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু প্ৰমোদ বডোৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডঃ ছাংগ্ৰাং ব্ৰহ্মৰ নাম চৰ্চিত হৈছিল ।
শেষতীয়াকৈ ডঃ ছাংগ্ৰাং ব্ৰহ্ম ইউপিপিএল দলৰ টিকটৰ আশা বাদ দি বিপিএফত যোগদান কৰি বিপিএফ দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াব বুলি সংবাদ মাধ্যমৰ লোকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োই ছাংগ্ৰাং ব্ৰহ্মৰ নাম উল্লেখ নকৰাকৈ কয় যে চৰ্চা আৰু সিদ্ধান্তৰ মাজত পাৰ্থক্য আছে ।
প্ৰত্যেকটো নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনে চৰ্চা হয়েই থাকে এয়া কোনো ডাঙৰ কথা নহয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য প্ৰমোদ বড়োই। ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে কয় যে ৰাজ্যৰ উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিতে এনডিএ বিপুল ভোটৰ ব্যৱধানত বিজয়ী হ'ব যত বিৰোধী দলৰ প্ৰাৰ্থী সকল আমাৰ বাবে কোনো ফেক্টৰ নহ'ব। তাতে ৩১ নং চিদলী বিধানসভা সমষ্টিত আমাৰ এনডিএ মিত্ৰজোঁটৰ হৈ যিজনে প্ৰাৰ্থীত্ব লাভ নকৰক কিয় আমাৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধান বিজয় নিশ্চিত বুলি দাবী কৰে আৰু দুই এদিনৰ ভিতৰতে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষনা কৰা হ'ব বুলি মন্তব্য কৰে।
আজি কাৰ্য্যালয় উদ্বোধন কৰাৰ পিছত এনডিএ মিত্ৰজোঁটৰ নেতা কৰ্মী সকলক লৈ এখন দলীয় সভা অনুষ্ঠিত হয় । ইউপিপিএল দলৰ পাৰিষদ তথা সম্পাদক মাধৱ ছেত্ৰীয়ে সঞ্চালনা সভাত মিত্ৰজোঁটৰ দলীয় নেতা কৰ্মী সকলৰ উদ্দেশ্যি ভাষন কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী অশোক সিংঘাল, সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বিধায়ক অজয় কুমাৰ ৰায় সহ অন্যান্য নেতা সকলে ।