ডিজিটেল সংবাদ,গুৱাহাটী: "অসমৰ ৫টা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰে যে ভৱিষ্যতলৈ বিজেপি মিত্ৰশক্তিক পৰাজিত কৰিবলৈ হ'লে বিজেপি বিৰোধী শক্তিসমূহৰ ঐক্যবদ্ধতাৰ বিকল্প নাই।" - এই মত অসম সন্মিলিত মৰ্চা চমুকৈ অসম মিত্ৰজোটৰ।
মিত্ৰজোটৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিত কয়, "আজি ভোট গণনা হোৱা অসমৰ বিহালী, চামগুৰি, বঙাইগাঁও, চিদলী আৰু ধলাই বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ বাবে শুভলক্ষণ নহয় যদিও ৰাইজৰ মতামতক সন্মান জনোৱাৰ গণতান্ত্ৰিক নিয়ম অনুসৰি আমি পাঁচোগৰাকী বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনাইছো।"
লগতে বিবৃতিটোত উল্লেখ কৰে যে,উপনিৰ্বাচন সন্দৰ্ভত ৰাইজৰ মতৰ পূৰ্বানুমান কৰিয়েই অসম মিত্ৰজোটে আৰম্ভণিৰে পৰা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰিছিল - যিটো কংগ্ৰেছ দলে উপলব্ধি নকৰিলে। আজিৰ ফলাফলত তাৰেই প্ৰতিফলন ঘটা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসম মিত্ৰজোট অনাগত দিনত ঐক্যবদ্ধতাৰে বিজেপি বিৰোধী ৰাজনৈতিক যুঁজখন আগবঢ়াই লৈ যাবলৈ সংকল্ববদ্ধ৷