ডিজিটেল ডেস্কঃ উপ নিৰ্বাচনৰ ৩সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। ধলাই সমষ্টিৰ বাবে নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে শাসকীয় দলটোৱে। ইফালে চামগুৰি সমষ্টিত সকলোৱে ভাৱি থকাৰ দৰেই প্ৰাৰ্থিত্ব লাভ কৰিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক। ইফালে বহুচৰ্চিত বিহালী সমষ্টিত দিগন্ত ঘাটোৱাৰক অৱশেষত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিৰ নেতৃত্বই।