/asomiyapratidin/media/media_files/2025/04/04/0crBHod8XlOLkHVqW9PU.jpg)
ডিজিটেল সংবাদ,নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্তিলাইজাৰ কৰ্পৰেচন লিমিটেডে বিষয়া কৰ্মচাৰী সকলৰ মাজত সম্প্ৰীতি অটুট ৰখাৰ লগতে শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে প্ৰতি বছৰৰ দৰে এইবাৰো ব্যাপক আয়োজনেৰে ৪ এপ্ৰিল শুকুৰবাৰৰ পৰা ১০এপ্ৰিল লৈ খেল সপ্তাহ ২০২৫ৰ আয়োজন কৰিছে।
চেণ্ট্ৰেল স্পৰ্টচ এচ'ছিয়েচনৰ উদ্যোগত আজি পুৱা ৯ বজাত বি ভি এফ চি এলৰ গান্ধী মৈদানত প্ৰথমে চেণ্ট্ৰেল স্পৰ্টচ এচ'ছিয়েচনৰ পতাকা উত্তোলন কৰে বি ভি এফ চি এলৰ নৱ নিযুক্ত অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চি এম ডি )মোহন ৰাজ ছেট্টিয়ে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে ক্ৰমে উদ্যোগটোৰ বিত্ত সঞ্চালক সুভাষ দাস আৰু উৎপাদন সঞ্চালক প্ৰদীপ কুমাৰ বনিকে।
অনুষ্ঠানটোৰ শুভাৰম্ভ কৰি চি এম্ ডি ছেত্তীয়ে কয় যে,খেলে শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে ঐক্য সম্প্ৰীতি অটুট ৰাখে। বি ভিএফ চি এল ৰ এই বাৰ্ষিক খেল সপ্তাহে বিষয়া কৰ্মচাৰী সকলৰ মাজত কৰ্ম সংস্কৃতি বিকাশত অৰিহণা যোগাব।
বি ভি এফ চি এলৰ চি এম দি মোহন ৰাজ ছেত্তীয়ে বেটিং আৰু উৎপাদন সঞ্চালক প্ৰদীপ কুমাৰ বনীকে বলিং কৰি খেলৰ শুভাৰম্ভ কৰে।