টেলিফোনিক বাৰ্তালাপৰ ভাইৰেল অডিঅ' ক্লিপে পোহৰলৈ আনিলে বি ভি এফ চি এলৰ বিষয়াৰ দুৰ্নীতি...

কোম্পানীৰ ইন'ভা গাড়ী ক্ৰয়ৰ বাবদ ডীলাৰৰ পৰা ধন দাবী বি ভি এফ চি এলৰ বিষয়াৰ
বি ভি এফ চি এল
বি ভি এফ চি এল

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেড, চমুকৈ বি ভি এফ চি এলৰ একাংশ শীর্ষ বিষয়াৰ দুর্নীতিত কবলত পৰি যে উদ্যোগটো ধংসৰ দিশে গতি কৰিলে এই কথা বাবে বাৰে সংবাদ মাধ্যমে  প্ৰকাশ কৰি আহিছে যদিও উদ্যোগটোত  তদন্ত আৰু শাস্তিৰ ব্যৱস্থা নথকাৰ বাবে  এনে বিষয়া সকলৰ এনে কাৰ্ম-কাণ্ড আজিও  অব্যাহত। 

লক্ষণীয় যে,  বিগত মাহত  বি ভি এফ চি এলে ক্ৰয় কৰা এখন বিলাসী গাড়ী কিনাৰ  বাবদ  বি ভি এফ চি এলৰ বিভাগীয় বিষয়া এগৰাকীয়ে ড্ৰিলাৰৰ পৰা কমিচন দাবী কৰা ভাইৰেল অডিঅ'ই খলকনি তুলিছে নামৰূপত।  প্ৰাপ্ত তথ্য মতে সাৰ কাৰখানাৰ  প্ৰশাসনিক বিভাগৰ  জ্যেষ্ঠ প্রবন্ধক প্ৰমোদ কুমাৰ সিং (পি.কে সিং) নামৰ বিষয়াজনে  ডিব্ৰুগড়ৰ  কুমাৰনীছিগাত থকা   গাড়ী ডীলাৰৰ চেলছ এক্সজিকিউটিভ ৰূপে কৰ্মৰত হিন্দী ভাষী  কৰ্মচাৰী জনক বি ভি এফ চি এলে গাড়ীখন ক্ৰয় কৰাৰ বিনিময়ত ৫০ হেজাৰ কমিচন দাবী কৰে।

অডিঅ'টোত ডিলাৰ কৰ্তৃপক্ষই বি ভি এফ চি এলৰ বিষয়া পি কে সিঙে দাবী কৰা ৫০ হেজাৰ টকা দিবলৈ অসমৰ্থ বুলি কোৱাত বিষয়াজনে গাড়ী ক্ৰয়ৰ সময়ত বিভিন্ন শিতানত অতিৰিক্ত দাম অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দি ৫০ হেজাৰ টকা তেওঁক কমিচন  দিবলৈ স্পষ্টকৈ উল্লেখ কৰে।

বৰ্তমান সাৰ কাৰখানাৰ স্কুল, পৰিবহণ, কেণ্টিন আৰু গেষ্ট হাউছৰ দায়িত্বত থকা  বিষয়াজনে তেওঁৰ কৰ্তৃত্ব থকা প্ৰতিটো বিভাগতে বিভিন্ন সময়ত মইমতালি কৰি অহাৰ অভিযোগ  প্ৰায়েই উত্থাপিত হৈ আহিছে । বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি পৰিবহণৰ  দায়িত্বত থকা এই বিষয়া গৰাকীয়ে   নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ পছন্দৰ ঠিকাদাৰকহে উদ্যোগটোত গাড়ী দিবলৈ সুবিধা কৰি দিয়াটো বৰ্তমান সৰ্বতে চৰ্চিত। 

টেলিফোনিক বার্তালাপত বি ভি এফ চি এলৰ বিষয়াজনে গাড়ী ক্রয়ৰ নামত ৫০ হেজাৰ টকা দাবী কৰা  অডিওটো ভাইৰেল হৈ পৰাৰ লগে লগে  বিষয়া গৰাকীৰ  বিৰূদ্ধে দুৰ্নীতিৰ বিভিন্ন অভিযোগ  মুকলিকৈ প্ৰকাশ কৰিছে একাংশ  ভুক্তভোগীয়ে ।  ডিব্ৰুগড়, তিনিচুকীয়া আদিলৈ নিয়মিতভাৱে সাৰ কৰ্তৃপক্ষই ভাড়া গাড়ী লৈ যায়। সিঙে এই ভাড়া গাড়ীৰ বিল বৃদ্ধি কৰি ঠিকাদাৰৰ পৰা বিলৰ সময়ত অর্থ সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন স্থানলৈ সাৰ কৰ্তৃপক্ষই নিয়মিতভাৱে লৈ  যোৱা ভাড়া গাড়ীত প্ৰতিটো ট্ৰিপতে অত্যধিক ব্যয়ৰ হিচাপ দেখুৱাই নিজস্ব স্বার্থ সিদ্ধি কৰি  আহিছে।

এগৰাকী গাড়ী ব্যৱসায়ীয়ে জনোৱা মতে, কোম্পানীয়ে ৫ হেজাৰ টকাত ভাড়াত লোৱা   ইন'ভা এখনৰ পৰাও ৫০০ টকা কমিচন বিচাৰে বিষয়া গৰাকীয়ে।  পূর্বতে বিপণন বিভাগৰ উপ-প্ৰবন্ধক হিচাপে  কৰ্মৰত পি কে সিঙে বিপণন বিভাগত ব্যাপক কেলেংকাৰী কৰাৰ বাবে শাক্তিমূলক বদলি হিচাপে নামৰূপ সাৰ কাৰখানাত বৰ্তমান  প্ৰশাসনিক বিভাগত জ্যেষ্ঠ প্রবন্ধক হিচাপে কৰ্মৰত লগত হৈ আছে যদিও এই বিভগটো  দুৰ্নীতিগ্ৰস্ত বিষয়াজনে  দুৰ্নীতিৰ পোহাৰ মেলিছে বুলি উদ্যোগটোৰ ভিতৰচ'ৰাত ব্যাপক  চৰ্চা চলিছে।

উল্লেখ্য যে, ষাঠি দশকতে স্থাপিত বৰ্তমান আয়ুস উকলি ধংসৰ দিশে যোৱা উদ্যোগটো বৰ্তমানৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তিৰ  নেতৃত্বত পুনৰুজীৱিত কৰণৰ দিশে ক্ৰমাৎ আগবাঢ়িছে ।  বছৰৰ পিছত বছৰ লোকচান ভৰি থকা ৰুগীয়া উদ্যোগটোত নতুন মেনেজমেণ্টে বিভিন্ন অপ্ৰয়োজনীয় খৰছৰ পৰিমাণ হ্ৰাস কৰি চলিত বিত্তীয় লোকচান শূণ্য কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে যদিও  এনে একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়াৰ বাবেই  যে উদ্যোগটোৰ উন্নতি হোৱা নাই ই নিশ্চিত । এনে বিষয়ৰ বিৰুদ্ধে অধ্যক্ষ গৰাকীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in