/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/549a0be1-9dc9-49c4-a791-1ca283333b33/SAR.jpg)
BVFCL NAMRUP
ডিজিটেল সংবাদ, নামৰূপঃ সাৰ কাৰখানা পুনৰুজ্জিৱীত কৰণত বদ্ধপৰিকৰ সাৰ কাৰখানাৰ প্ৰবন্ধন বিভাগ আৰু অসম চৰকাৰ এই মন্তব্য কৰিছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক তথা পূৰ্বাঞ্চল মণ্ডল (Eastern Region) ভাৰতীয় সাৰ সন্থাৰ অধ্যক্ষ (Fertiliser Association of India) ডঃ শিৱ প্ৰসাদ মহান্তিয়ে।
উল্লেখ্য যে অলপতে সাৰ আৰু ৰসায়ন মন্ত্ৰনালয়ৰ বিষয়ববীয়াৰে নিটি আয়োগৰ মাজত হোৱা আলোচনাৰ পিছত কেন্দ্ৰীয় চৰকাৰে নির্বিনিয়োজন প্ৰক্ৰিয়াৰে দেশৰ বন্ধ হৈ থকা আৰু পুনৰুজীৱিত কৰা ৰাসায়নিক সাৰ প্ৰতিষ্ঠান সমূহক ব্যক্তিগতখণ্ডৰ হাতত গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি প্ৰচাৰ হোৱাৰ পিছতে নামৰূপ সাৰ কাৰখানাৰ ভৱিষ্যতকলৈ শংকিত হৈ পৰিছে উদ্যোগটোৰ শ্ৰমিক কৰ্মচাৰী সকল।
নামৰূপ সাৰ কাৰখানা বিক্ৰী প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীৰে উদ্যোগটোৰ শ্ৰমিক ইউনিয়ন সমূহ, বিভিন্ন সংগঠন, ৰাজনৈতিক দলে আন্দোলনৰ কাৰ্যসূচীও চলাই গৈছে। তেনে সময়তে বি ভি এফ চি এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ শিৱ প্ৰসাদ মহান্তিৰ ধনাত্মক মন্তব্যই কিছু আশ্বস্ত কৰিছে বি ভি এফ চি এল পৰিয়ালক।
এই সন্দৰ্ভত প্রতিবেদকৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত চি এম ডি গৰাকীয়ে কয় যে এক বৃহৎ ভূমি সামৰি ষাঠিৰ দশকত স্থাপন হোৱা নামৰূপ সাৰ কাৰখানা হ'ল এক সম্ভাৱনা সম্পন্ন উদ্যোগ।
যি কাৰণতে নহওক এটা দীঘলীয়া সময় লোকচান ভৰি থকা বাবে উদ্যোগটো ৰুগীয়া উদ্যোগ হিচাপে চিহ্নিত হৈছিল যদিও বৰ্তমান বি ভি এফ চি এলত পূৰ্বৰ স্থিতি নাই। ডঃ মহান্তিয়ে কয় আয়ুস কাল উকলি যোৱা উদ্যোগ যদিও বি ভি এফ চি এল ক এটা লাভজনক উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ এতিয়াও বহু সমল আছে ।
উদ্যোগটোৱে এক দীঘলীয়া সময় লোকচান ভৰি থকাৰ অন্তৰালত বহু অতীত আছে যদিও উদ্যোগটোৰ ক্ৰমাৎ লোকচানৰ পৰিমাণ কমি আহিছে।
তেওঁ কয় যে ২০১৯ -২০২০ বৰ্ষত বি ভি এফ চি এল ৰ লোকচানৰ পৰিমাণ আছিল ১৩৪ কোটি । ২০২০-২০২১ বৰ্ষত এই লোকচানৰ পৰিমাণ ৯৭ কোটিলৈ হ্ৰাস পায়।
অন্যহাতে ২০২১ বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা বৰ্তমানলৈকে বি ভি এফ চি এলৰ ৩য় ইউনিটটোৱে প্ৰতিদিনে ৮০% কৈ ইউৰীয়া উৎপাদন কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত ২০২১-২০২২ বৰ্ষত এই লোকচানৰ পৰিমাণ ৩০ কোটিলৈ হ্ৰাস পাইছে বুলি উল্লেখ কৰে।
চি এম ডি গৰাকীয়ে কয় যে ইয়াৰ মাজতে ৩য় ইউনিটটোৰ বাৰ্ষিক পৰিকল্পিত কাৰিকৰী মেৰামতি হোৱাৰ পিছত ২০২২-২০২৩ বৰ্ষত বি ভি এফ চিএলে ৩০ কোটি লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁ কয় যে বি ভি এফ চি এলৰ ইতিহাসত প্ৰথম বাৰৰ বাবে বাৰ্ষিক টাৰ্ণ অভাৰ প্ৰায় ৮০০ কোটি হোৱাৰ দিশে আগবাঢ়িছে।
অন্যহাতে অক্টোবৰ মাহতে বি ভি এফ চি এলৰ ওৱাটাৰ ছিলেবল ফাৰটিলাইজাৰ (NPK) প্লান্ট স্থাপনৰ শুভাৰম্ভ কৰিব বুলি অধ্যক্ষ গৰাকীয়ে জনায়। বৰ্তমান চৰকাৰৰ দৃষ্টিত বি ভি এফ চি এলৰ স্থিতি যথেষ্ট ধনাত্মক হৈ উঠিছে বুলি মন্তব্য কৰে।
নিজা উৎপাদিত সামগ্ৰী সমূহৰ লগতে বি ভি এফ চি এলে নিজাববীয়াকৈ ইউৰীয়া ট্রেডিং ব্যৱসায় দেশৰ ৫ৰাজ্যলৈ সম্প্ৰসাৰণেৰে বিপনন আৰম্ভ কৰি উদ্যোগটোৱে লীড ফাৰটিলাইজাৰ ষ্টাৰটাৰ্ছৰ খিতাপ অক্ষুন্ন ৰাখিছে।
বি ভি এফ চি এলে কেৱল স্ব-উৎপাদিত ইউৰিয়া বিক্ৰীতে সীমাবদ্ধ নহৈ, অধিক ইউৰিয়া আমদানি কৰাৰ উদ্দেশ্যে চলিত বৰ্ষৰ মে মাহত বন্দৰৰ বাবে নিবিদা আবণ্টনত অংশগ্ৰহণ কৰি উৰিষ্যাৰ পাৰাদীপ বন্দৰ ৩ বছৰৰ বাবে অধিগ্ৰহণ কৰে।
এই নিবিদাৰ ফলস্বৰূপে অহা ৩ বছৰত ভাৰত চৰকাৰৰ হিচাপত পাৰাদ্বীপ বন্দৰত আমদানি কৰা ইউৰিয়া বি ভি এফ চি এলৰ মুক্ত ইউৰিয়া ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা হ’ব। বৰ্তমান ফিনলেণ্ডৰ পৰা আমদানি কৰা নিম আৱৰণযুক্ত ইউৰীয়া বি ভি এফ চি এলে বেংগল, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড , চট্টিশগড়ত বি ভি এফ চি এলৰ মুক্ত ব্ৰেণ্ডৰ বেনাৰত ব্যৱসায় প্ৰসাৰ কৰিবলৈ আগবাঢ়িছে। তেনে প্ৰেক্ষাপটত বি ভি এফ চি এলক বন্ধ কৰি দিয়া আশংকা অমূলক বুলি মন্তব্য কৰে।
বি ভি এফ চি এল ৰ ৪ৰ্থ গোট স্থাপন সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰৰ নীতি অনুসৰি চৰকাৰে বৰ্তমান কোনো উদ্যোগ স্থাপনতে পোনপটীয়াকৈ বিনিয়োগ নকৰে। চি এম ডি আৰু সাৰ মন্ত্ৰনালয়ৰ লগত হোৱা আলোচনা মৰ্মে বি ভি এফ চি এলত নতুন গোট স্থাপন হ'বলৈ হ'লে ৰাজ্য চৰকাৰে ১০০ শতাংশ আগভাগ ল'ব লাগিব।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতো ইতিমধ্যে আলোচনা সম্পন্ন হৈছে বুলি উল্লেখ কৰি ড০ মহান্তিযে কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৪ৰ্থ গোট স্থাপনৰ বিষয়টো দৃঢ়তাৰে সমৰ্থন জনোৱাৰ লগতে অইল ইণ্ডিয়া, অসম চৰকাৰ , বি ভি এফ চি এলৰ অংশীদায়িত্বৰ লগতে বেংকৰ ঋণ লৈ নতুন গোটটো স্থাপন কৰাৰ মত পোষণ কৰে বুলি ড০ মহান্তিয়ে বক্তব্যত প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীৰ লগত হোৱা আলোচনা মৰ্মে ১.৭২ কিউবিক মিটাৰ গেছেৰে ৮ লাখ মেট্ৰিকটন ইউৰীয়া উৎপাদনক্ষম ৪ৰ্থ গোট স্থাপনৰ সন্দৰ্ভত আলোচনা আগবাঢ়িছে বুলিও জানিবলৈ দিয়ে।
ক্ৰমাৎ বি ভি এফ চি এলৰ আৰ্থিক স্থিতি উন্নত হোৱাৰ ফলত শেহতীয়া ভাৱে বেংক সমূহেও ঋণ দিবলৈ আগবাঢ়িছে বুলি চি এম ডি গৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে চলিত বছৰতে বি ভি এফ চি এলে বিদ্যুৎ ট্ৰেডিং ব্যৱসায় আৰম্ভ কৰিব বুলি উল্লেখ কৰি কয় যে এই সন্দৰ্ভত ৰেগুলেটৰী কমিচন ব'ৰ্ডৰ লগত আলোচনা সম্পন্ন হৈছে। ইয়াৰ পৰা বি ভি এফ চি এলে বছৰি ১২কোটি টকা লাভ কৰিবলৈ সক্ষম হ'ব।
তেনে প্ৰেক্ষাপটত ২০২২-২৩ বৰ্ষত বি ভি এফ চি এল এটা লাভজনক উদ্যোগলৈ ৰূপান্তৰ হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ কোনো সহায় নোলোৱাকৈ উদ্যোগটো চলি যাব পাৰিব বুলি উল্লেখ কৰে।
কেন্দ্ৰীয় চৰকাৰে আবন্টন দিয়া ১০০ কোটি টকা সন্দৰ্ভত কয় যে পূৰ্বৰ কেবিনেট সিদ্ধান্ত অনুসৰি ১০০কোটি টকাৰ ৩৩কোটি টকা প্ৰায় ৩ বছৰে বন্ধ হৈ থকা ২নং ইউনিটটো মেৰামতিৰ বাবে ধার্য কৰা হৈছে আৰু বাকী অংশ ৩য় গোটটো মেৰামতিৰ বাবে প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
২নং গোটটো মেৰামতিৰ বাবে প্ৰায় ৪০০ কোটি টকাৰ প্ৰয়োজন হ'ব। সেয়ে উক্ত ৩৩ কোটি টকা ৩য় গোটটো মেৰামতিত ব্যৱহাৰ কৰাৰ বাবে কেবিনেটৰ অনুমতি বিচৰা হৈছে বুলি চি এম ডি গৰাকীয়ে কয়।
বি ভি এফ চি এলৰ অংশীদাৰিত্ব বিক্রী সন্দৰ্ভত ড০ মহান্তিয়ে কয় যে বি ভি এফ চি এলত PPP ( private public partnership) বা PP অথবা জইন ভেঞ্চাৰ প্ৰক্ৰিয়াৰে নতুন গোট স্থাপনৰ প্ৰচেষ্টা চলাই আহিছে দীৰ্ঘদিনে । বিভিন্ন কাৰণত আজিলৈ কোনো বিনিয়োগকাৰী আগবাঢ়ি নাহিল। তেনেস্থলত বি ভি এফ চি এলৰ ক্ষেত্ৰত এই শংকা প্ৰযোজ্য নহয় বুলি ভাষ্যত প্ৰকাশ।