/asomiyapratidin/media/media_files/2025/06/10/vVhFZv6PUIizGhNZtqWm.jpg)
চাৰি হাজাৰ কিলো ব্ৰঞ্জৰে নিৰ্মাণ ড° ভূপেন হাজৰিকাৰ সুবিশাল আবক্ষ মূৰ্তি
ডিজিটেল সংবাদ, পাটাছাৰকুছি: বজালী জিলাৰ পাটাছাৰকুছিত প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত প্ৰায় চাৰি হাজাৰ কিলো ব্ৰঞ্জ ব্যৱহাৰ কৰি এক ব্যয় বহুল বাজেটেৰে ড° ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি এটা নিৰ্মাণ কৰি উলিওৱা হৈছে৷ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মূৰ্তিটোৰ নিৰ্মাণকাৰ্য ৷
পাটাছাৰকুছি থানাৰ কাষতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশত নিৰ্মিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মুৰ্তিটো পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত সুধাকণ্ঠৰ প্ৰতি ক্লাবৰ তথা অঞ্চলটোৰ ৰাইজৰ শ্ৰদ্ধাৰ স্মাৰক হিচাপে নিৰ্মাণ কৰা হৈছে। এই মূৰ্তিটো এক নিখুত আৰ্হিত তেৰ ফুট উচ্চতাৰ আৰু প্ৰায় চাৰি হাজাৰ কিলো ওজনৰ হব ৷ এক ব্যয় বহুল বাজেটেৰে নিৰ্মাণ কৰা ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা ৫ নৱেম্বৰৰ ভিতৰত এটা নিৰ্দ্দিষ্ট দিনত ৰাইজৰ মাজত মুকলি কৰি দিয়াৰ আশা কৰা হৈছে।
ইতিমধ্যে চৰকাৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী পালনৰ বাবে বিভিন্ন অভিলাষী কাম হাতত লোৱাৰ সময়ত এটা সংঘৰ উদ্যোগত এনে ধৰনে বিশাল ব্ৰঞ্জৰ মুৰ্তি নিৰ্মাণেৰ কালজয়ী সংগীত শিল্পী গৰাকীলৈ শ্ৰদ্ধা জনোৱা প্ৰয়াসক প্ৰশংসা কৰিছে বিভিন্নজনে৷ এই মুৰ্তিটো সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে পৰ্যটক কেন্দ্ৰ হব বুলি ধাৰণা কৰা হৈছে ৷ এই চৌহদক "সুধা - তীৰ্থ" হিচাপে নামাকৰণো কৰা হৈছে৷
উল্লেখযোগ্য যে, অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত এইটোয়ে আটাইতকৈ বৃহৎ আকাৰৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি বুলি ইতিমধ্যে চৰ্চিত হৈছে। এশ ত্ৰিশ ফুট উচ্চতাৰ আকাৰৰ পূৰ্ণ মূৰ্তি এটাৰ অনুপাতত এই তেৰ ফুট উচ্চতাৰ আবক্ষ মূৰ্তিটো নিৰ্মাণ হৈছে। তেজপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী অলকেশ পৰাশৰে প্ৰায় এক বছৰ ধৰি লাগি মডেলিং কৰা মূৰ্তিটোৰ পি ও পিটোৰ আৰ্হিত পশ্চিম বংগৰ বোলপুৰ শান্তি নিকেতন নিবাসী বিশিষ্ট ব্ৰঞ্জ কাষ্ট্টিং শিল্পী মুক্তাৰ মল্লিকৰ নেতৃত্বত এটি ৭/৮ জনীয়া দলে কামৰ হিচাপত প্ৰায় পোন্ধৰ মাহ ধৰি নিৰ্মাণ কাৰ্য্য চলাই ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটোৰ কাম সম্পূৰ্ণ কৰিছে। এতিয়া আবক্ষ মূৰ্তিটো ৰখা বেদীটোৰ কিছু কাম বাকী আছে।
ইতিমধ্যে অসমৰ বহু কেইগৰাকী বিশিষ্ট শিল্পী তথা ব্যক্তিয়ে পাটাছাৰকুছিৰ এই নিৰ্মাণ কাৰ্য্যস্থলীত পদাৰ্পন কৰি মূৰ্তিটো চকু ফুৰাই গৈছে আৰু ইয়াৰ অৱয়বত সন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, সুধাকণ্ঠৰ অন্তৰংগ সহযোগী তথা সংগীত শিল্পী সদানন্দ গগৈ, সংগীত শিল্পী মণীষা হাজৰিকা, সংগীত শিল্পী সংগীতা কাকতি, সংগীত শিল্পী মৌচুমী চহৰীয়া, বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ উপৰিও স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰনজিৎ কুমাৰ দাস অন্যতম।
আনহাতে পাটাছাৰকুছিৰ সন্তান বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ প্ৰস্তাৱমৰ্মে আবক্ষ মূৰ্তিস্থলী তথা চৌহদটোক ইতিমধ্যে "সুধা - তীৰ্থ" নামেৰে নামাকৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে আবক্ষ মূৰ্তিৰ মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন স্মৃতিপুস্তিকা প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।