/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9c14af0f-1ca3-40e5-9c0d-73ff6bc78864/kokrajhar_10.jpg)
kokrajhar
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰত সদৰ চহৰৰ সমীপৰ ভৱানীপুৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । দেওবাৰে মাজনিশা দুৰ্ষ্কৃতিকাৰীয়ে এগৰাকী ব্যৱসায়ীৰ নিৰ্মীয়মান অৱস্থাত থকা তিনিমহলীয়া অট্টালিকা জ্বলাই দিয়ে । দুৰ্ষ্কৃতিকাৰীয়ে ৰবিবাৰে মাজনিশা প্ৰায় এক বজাত উক্ত নিৰ্মীয়মান ঘৰটোত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি প্ৰৱেশ কৰে আৰু ব্যৱসায়ী খৰ্গেশ্বৰ বসুমতাৰীৰ নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰে।
দুৰ্ষ্কৃতিকাৰীয়ে ঘৰটোৰ তলৰ মহলাত অগ্নিসংযোগ কৰাৰ ফলত তলৰ মহলাত জমা কৰি থোৱা প্ৰায় আঢ়ৈ লাখ টকাৰ কাঠ জ্বলি ছাইত পৰিণত হয়। অৱশ্যে ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷
যাৰ ফলত ঘৰটো সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে যদিও অগ্নিকাণ্ডৰ ফলত নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকাটোৰ কেইবা ঠাইত ফাট মেলা বুলি জানিব পৰা গৈছে৷ ইপিনে দুৰ্ষ্কৃতিকাৰীৰ দলটোৱে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ পিছতে ঘৰটোৰ চৌহদত ৰাখি থোৱা এখন টাটা মোবাইল গাড়ীৰ বেটাৰী আৰু ৪০ লিটাৰৰো অধিক ডিজেল চুৰি কৰি উধাও হয় ৷
ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ উক্ত ঘটনাটোৱে কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু দুৰ্ষ্কৃতিকাৰীৰ এনে অপকাণ্ড ৰোধ কৰিবলৈ জনতাই প্ৰশাসনৰ প্ৰতি দাবী জনাইছে ।