ঝাৰখণ্ডত ভয়ংকৰ দুৰ্ঘটনাঃ ১৮ গৰাকী বল বম যাত্ৰীৰ মৃত্যু, ৩০ জন আহতৰ খবৰ

ঝাৰখণ্ডত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮ গৰাকী বল বম যাত্ৰী (কানৱৰীয়া) নিহত হৈছে।শাওণ মাহ উপলক্ষে ঝাৰখণ্ডৰ বাবা বৈদ্যনাথ ধামত চলি থকা কানৱৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিল এইসকল লোকে। 

author-image
Tushar Pratim
New Update
ঝাৰখণ্ডত ভয়ংকৰ দুৰ্ঘটনাঃ ১৮ গৰাকী বল বম যাত্ৰীৰ মৃত্যু, ৩০ জন আহতৰ খবৰ

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮ গৰাকী বল বম যাত্ৰী (কানৱৰীয়া) নিহত হৈছে।শাওণ মাহ উপলক্ষে ঝাৰখণ্ডৰ বাবা বৈদ্যনাথ ধামত চলি থকা কানৱৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিল এইসকল লোকে। 

Advertisment

জানিব পৰা মতে ৰাজ্যখনৰ দেওঘৰ-বসুকিনাথ মূল পথৰ যমুনিয়া চ’কৰ সমীপত কানৱাৰীয়াৰে ভৰা এখন বাছ আৰু এখন ট্ৰাকৰ মাজক ভয়ংকৰ সংঘৰ্ষ হয়। তাৰ পৰিণতিতেই এই কৰুণ ঘটনা সংঘটিত হয়।

জানিব পৰা মতে এই দুৰ্ঘটনাত কমেও ১৮ জন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে বহু কেইগৰাকী ভক্ত আহত হৈছে। একাংশ সংবাদ প্ৰতিষ্ঠানে উল্লেখ কৰা অনুসৰি আহতৰ সংখ্যা প্ৰায় ৩০ জন।

সাংসদ নিশিকান্ত ডুবেই এক্সত এই ঘটনাৰ কথা উল্লেখ কৰি শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, 'মোৰ লোকসভাৰ দেওঘৰত শ্ৰাৱণ মাহত কাৱাৰ যাত্ৰাৰ সময়ত বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত ১৮ জন ভক্তৰ মৃত্যু হৈছে। বাবা বৈদ্যনাথজীয়ে তেওঁলোকৰ পৰিয়ালক এই ক্ষতিক সহ্য কৰিবলৈ শক্তি দিয়ক।'

প্ৰাপ্ত তথ্য মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় প্ৰশাসন, আৰক্ষী আৰু এম্বুলেন্সৰ দল ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। আহত আটাইকেইজনকে দেওঘৰৰ বিভিন্ন চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে। জিলা প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কাম অব্যাহত ৰাখিছে।

পথ দুৰ্ঘটনা ঝাৰখণ্ড