/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : হামৰেণৰ লাংটুকথেপিত শুকুৰবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ। ডিফু তাৰালাংচত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আৰণ বাৰিম চিংৰুম আমেই সভাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তে সংঘটিত হয় এই ঘটনা।
উল্লেখ্য যে, পুৰুষ – মহিলাভৰ্তি বাছখন আহি থকা অৱস্থাত কাৰ্বি পৰিষদৰ আঠ নং হামৰেন পৰিষদীয় সমষ্টি ফংজাংৰে ডংকামোকামত দুৰ্ঘটনাত পতিত হয়। ফলত কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে চালকগৰাকীয়ে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। ইতিমধ্যে স্থানীয় ৰাইজৰ তৎপৰতাত আঘাতপ্ৰাপ্ত যাত্ৰীসকলক চিকিৎসালৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ৷
ইফালে বিহুৰ সময়তে ফিল’বাৰীৰ ৰাজপথত সংঘটিত হৈছে আন এক পথ দুৰ্ঘটনা। মাৰুতি এছপ্ৰেছ’ আৰু টাটা মেজিকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷
এই ঘটনাত আহত হয় ৰাইজৰ দলৰ নেতা উমানন্দ মৰাণ ৷ মাৰুতি গাড়ীখনত আৰোহী হিচাপে আছিল নেতাগৰাকী ৷ অৱশ্যে নেতাগৰাকীৰ বিপদমুক্ত যদিও বৰ্তমান চিকিৎসাধীন হৈ আছে।