মঙলদৈত যাত্ৰীবাহী বাছে মহটিয়ালে দুজনক...

'বিশাল' নামৰ গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছখনে মহটিয়াই নিয়ে বাইক আৰোহীক
প্ৰতীকী ফটো
প্ৰতীকী ফটো

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈৰ আউলাচৌকাত সংঘটিত হৈছে পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এখন যাত্ৰীবাহী বাছে মহটিয়াই নিয়ে দুজনক ৷ দেওবাৰে বিয়লি সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

উল্লেখ্য যে, 'বিশাল' নামৰ গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছখনে মহটিয়াই নিয়ে বাইক আৰোহী দুজনক ৷ সংকটজনক অৱস্থাত বাইক আৰোহী দুজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে ৷ অৱশ্যে ঘটনাস্থলীত মঙলদৈ সদৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in