আকাশৰ পৰা খহি পৰিল জ্বলন্ত উল্কাপিণ্ড ! সম্পূৰ্ণৰূপে ধ্বংস বাসগৃহ...

author-image
Asomiya Pratidin
New Update
আকাশৰ পৰা খহি পৰিল জ্বলন্ত উল্কাপিণ্ড ! সম্পূৰ্ণৰূপে ধ্বংস বাসগৃহ...

ডিজিটেল ডেস্কঃ এক ৰহস্যকৰ অগ্নিকাণ্ডই কৌতূহলৰ সৃষ্টি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত। আকাশৰ পৰা খহি পৰা একুৰা জ্বলন্ত অগ্নিকুণ্ডই আমেকিৰাই এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মিভূত কৰি পেলোৱাৰ পিছতে এতিয়া ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্য।

Advertisment

প্ৰকাশিত খবৰ মতে আকাশৰ পৰা খহি পৰিছি এটা জ্বলন্ত বাস্কেটবল সদৃশ উল্কাপিণ্ড ! এই জ্বলন্ত উল্কাপিণ্ডই ধ্বংস কৰিলে ঘৰটো। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰম্ভ হৈছে তদন্ত। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাৰ বহু কেইজন প্ৰত্যক্ষদৰ্শীও আছে।

প্ৰতিবেদনত প্ৰকাশিত খবৰ মতে নিজৰ দুটা কুকুৰৰ সৈতে গৃহস্থ ঘৰত বহি থকাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা। উল্কাপিণ্ডটো খহি পৰাৰ সময়ত সৃষ্টি হৈছিল এটা প্ৰকাণ্ড শব্দ। যেন বিস্ফোৰিত হৈছিল শক্তিশালী বিস্ফোৰক।

এক প্ৰতিবেদনত কোৱা হৈছে প্ৰত্যক্ষদৰ্শীসকলে আকাশৰ পৰা এটা জ্বলন্ত বল খহি পৰা দেখিছিল। এই জ্বলন্ত গোলাকাৰ উল্কাপিণ্ড খহি পৰা পিছতে সম্পূৰ্ণ ঘৰটো ভস্মিভূত হৈছে।

এই ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্য। বহুতৰ মতে জ্বলন্ত গোলাকাৰ আকৃতিৰ সেই বিশেষ বস্তুটো আছিল এটা উল্কাপিণ্ড। আন একাংশৰ মতে এয়া আন কিবা বিস্ফোৰক সামগ্ৰীহে।

america