/asomiyapratidin/media/media_files/2025/03/12/iRUEhOLooi90WmDYbxTK.jpg)
গহপুৰৰ পূব কলিতা গাঁৱত চুৰিকাণ্ড...
ডিজিটেল সংবাদ, ছয়দুৱাৰ : কি হৈছে এইখন অসমত ! সঘনাই সংঘটিত হ'বলৈ লৈছে চুৰিকাণ্ড। চোৰৰ তাণ্ডৱত সাৰি নগ'ল বহি:ৰাজ্যৰ বাইক ৰাইডাৰৰ বাইকো। অতি শেহতীয়াকৈ অসমৰ আন প্ৰান্তৰ দৰে গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্ততো সঘনাই সংঘটিত হ'বলৈ লৈছে চুৰিকাণ্ড।
গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাৱাজান আৰক্ষী চকীৰ এলেকাধীন কলাবাৰীৰ পূব কলিতা গাঁৱৰ বলিন ভূঞাৰ ঘৰত মঙলবাৰে নিশা চোৰে সংঘটিত কৰে এক চুৰিকাণ্ড। খিৰিকীৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰা চুৰিচক্ৰটোৱে গডৰেজ খুলি সোণৰ খাৰু এযোৰ, আঙুঠি তিনিটা আৰু এডাল সোণৰ চেইনকে ধৰি নগদ ধনসহ বহু পৰিমাণৰ সা-সামগ্ৰী লৈ যায়।
তদুপৰি চক্ৰটোৱে ঘৰৰ ভিতৰৰ পৰা লৈ যায় দুটা ম'বাইল ফোনো। জানিব পৰা মতে কলাবাৰী চেন্টাৰত চলি থকা 'ৰাজমুকুট থিয়েটাৰ'ৰ নাটক চাবলৈ বুলি যোৱা নিশা প্ৰায় ৬ বজাত ঘৰ তলা মাৰি গৈছিল বলিন ভূঞাৰ পৰিয়ালটো। থিয়েটাৰ চাই নিশা প্ৰায় ৯-৩০ বজাত উভতি আহি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে ঘৰৰ ভিতৰৰ ট্ৰাংক,গডৰেজ আদি লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰি চুৰি কাণ্ড সংঘটিত হোৱা বুলি তেওঁলোক নিশ্চিত হয়।
এই বিষয়ে খবৰ পোৱাৰ লগে লগে নিশাই হাৱাজান আৰক্ষী চকীৰ আৰক্ষী আহি বলিন ভূঞাৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে নিয়মমাফিক ভাবে তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে-গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ অহা এনেধৰণৰ চুৰিকাণ্ড ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে গহপুৰ আৰক্ষী।