/asomiyapratidin/media/media_files/2025/05/30/RBFQBKJAnalNTqOzT6OQ.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : চোৰ-ডকাইতৰ ঘাটিত পৰিণত হৈছে মঙলদৈ চহৰ। প্ৰায় দৈনিক চুৰিকাণ্ড সংঘটিত হৈ আহিছে চহৰখনত। এইবাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ মঙলদৈ গেৰিমাৰীৰ ডিম্বেশ্বৰ দাসৰ গৃহত বৃহস্পতিবাৰে চুৰিকাণ্ড সংঘটিত কৰিলে চোৰে।
জানিব পৰা মতে, দৰ্জাৰ তলা ভাঙি গৃহত প্ৰৱেশ কৰি চোৰে সম্পূৰ্ণ লণ্ডভণ্ড কৰে ঘৰখনৰ ভিতৰভাগ। ঘৰত কোনো নথকাৰ বাবে কিমান পৰিমাণৰ ধন অথবা আ-অলংকাৰ লৈ গল সেইয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও যথেষ্ট ক্ষতি কৰাৰ সন্দেহ কৰে আত্মীয়ই।
অতি দুখৰ বিষয় যে, ডিম্বেশ্বৰ দাসৰ বাৰাণসীত থকা এগৰাকী পুত্ৰ দুৰ্ঘটনাত পতিত হয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে পৰিয়ালৰ লোকসকল বাৰাণসীলৈ গৈছিল। তেনে অৱস্থাত চোৰে সা- সম্পত্তি লুটি লৈ যায়। ৰাইজৰ অভিযোগ যে, মঙলদৈ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই দৈনিক সংঘটিত হৈ আহিছে চুৰিকাণ্ড।
প্ৰণিধানযোগ্য যে, যোৱা সপ্তাহটোত অকল গেৰিমাৰী অঞ্চলতেই চাৰিদিনত চাৰিখন ঘৰত চুৰিকাণ্ড সংঘটিত হৈছিল। ইয়াৰোপৰি মঙলদৈ চহৰৰ লগতে চহৰখনৰ সমীপতে থকা বিভিন্ন অঞ্চলত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ অহাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ বিশেষ তহলদাৰীৰ ব্যৱস্থা নকৰাত আক্ষেপ প্ৰকাশ কৰে ৰাইজে। কাৰ্যতঃ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে সাধাৰণ ৰাইজ।