/asomiyapratidin/media/media_files/2025/05/06/ujSw1SLg1YomIKvPCHjr.jpg)
জামুগুৰিহাটত দিন দুপৰতে চুৰিকাণ্ড
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা৷ এটাৰ পিছত সংঘটিত আনটো চুৰিকাণ্ডই এতিয়া যেন দিনতে নিদ্ৰা হৰিছে অঞ্চলটোৰ লোকসকলৰ ৷
আজিও জামুগুৰিহাটৰ মধুপুৰ গাঁৱত দিন দুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড৷ গাঁৱখনৰ দূৰ্গেশ্বৰ বৰা নামৰ লোকজনৰ বাসগৃহত মাত্ৰ ১০ মিনিটৰ বাবে কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে লুটি নিলে কেইবা লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰৰ লগতে নগদ ধন৷
দুৰ্বৃত্তৰ দলে ঘৰৰ খিৰিকীয়েদি ভিতৰত প্ৰৱেশ কৰি আলমিৰাৰ লকাৰ ভাঙি লুটি নিয়ে প্ৰায় চাৰি লক্ষাধিক টকাৰ সোণৰ আ- অলংকাৰৰ লগতে নগদ প্ৰায় ৯ হাজাৰ টকা ৷ ঘৰখনৰ গৃহিনী মাত্ৰ ১০ মিনিটৰ বাবে কাষৰীয়া নামঘৰলৈ বুলি ওলাই যাওতেই দুৰ্বৃত্তৰ দলে সংঘটিত কৰে এই চুৰিকাণ্ড৷
মনকৰিবলগীয়া যে, জামুগুৰি আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি অঞ্চলটোৰ ভিন্ন প্ৰান্তত নিতৌ সংঘটিত হ’বলৈ ধৰা এনে চুৰিকাণ্ডই এতিয়া চিন্তিত কৰি তুলি সৰ্বসাধাৰণ ৰাইজক ৷ চুৰিকাণ্ডৰ ঘটনাসমূহক লৈ আৰক্ষীক কঠোৰ হোৱাৰো আহবান জনাইছে অঞ্চলটোৰ ৰাইজে ৷