/asomiyapratidin/media/media_files/2025/03/12/rk8LMnU6XxC4AiaIer4a.jpg)
জামুগুহাটত চুৰিকাণ্ড
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটত বুধবাৰে দিনদুপৰতে তিনিঘৰ গৃহস্থৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ড ৷ অঞ্চলটোৰ চেচাসত্ৰৰ মিন্টু বৰা, বৰিগাঁৱ(ইলেকট্ৰিচিটি)ৰ গোলাপ কলিতা আৰু অসীম বনিয়াৰ বাসগৃহত সংঘটিত হয় চুৰিকাণ্ড ৷
দিনদুপৰতে সংঘটিত এই চুৰিকাণ্ডৰ ঘটনাত চোৰৰ দলে চেচাসত্ৰৰ মিন্টু বৰাৰ বাসগৃহত চিলিং ভাঙি প্ৰৱেশ কৰি সোণৰ আ- অলংকাৰ, নগদ ১০ হাজাৰ টকাসহ প্ৰয়োজনীয় নথি পত্ৰও চোৰ কৰি নিয়ে ৷ আনহাতে ইলেকট্ৰিচিটি বৰিগাঁৱৰ গোলাপ কলিতাৰ বাসগৃহত পিছফালৰ দৰ্জাৰ হুক ভাঙি প্ৰৱেশ কৰি প্ৰায় ৫ লক্ষাধিক টকাৰ সোণৰ আ- অলংকাৰৰ লগতে ২০ হাজাৰৰোধিক টকা চোৰ কৰি নিয়ে ৷
ইয়াৰোপৰি ইলেকট্ৰিচিটি বৰিগাঁৱৰে অসীম বনিয়াৰ বাসগৃহতো কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলটোৱে প্ৰৱেশ কৰি সোণৰ চেইন আৰু ফুলি চুৰ কৰি নিয়ে ৷ একেদিনাই দিনদুপৰতে সংঘটিত তিনিটাকৈ চুৰিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটিতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাটত সঘনাই সংঘটিত চুৰিকাণ্ড ঘটনা ৰোধ কৰাৰ দিশত আৰক্ষীক কঠোৰ হ’বলৈ আহ্বান জনাইছে সচেতন লোকসকলে ৷