ৰঙাপৰাত দোকানৰ লগতে-সাংবাদিকৰ বাসগৃহত চুৰিকাণ্ড

শোণিতপুৰৰ ৰঙাপৰাত সাংবাদিকৰ বাসগৃহৰ লগতে আৰক্ষী থানাৰ সমীপত থকা পাঁচখনকৈ দোকানত চুৰিকাণ্ড সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
AP FOR WEB jamuguri

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ ৰঙাপৰাত সাংবাদিকৰ বাসগৃহৰ লগতে আৰক্ষী থানাৰ সমীপত থকা পাঁচখনকৈ দোকানত চুৰিকাণ্ড সংঘটিত হয়। ইতিমধ্যে চুৰিকাণ্ড সংঘটিত কৰা দুটা চোৰক আটক কৰিবলৈ সক্ষম হয় ৰঙাপৰা আৰক্ষী।

Advertisment

উল্লেখ্য যে, ৰঙাপৰা আৰক্ষীয়ে ১৬ জুলাইৰ নিশা অভিযান চলাই কছাৰীগাঁও চাহ বাগিচাৰ নিউ লাইনৰ জীৱেন প্ৰজাক আটক কৰিছিল। ইয়াৰ পিছতে জীৱেন প্ৰজাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু গোপন কেমেৰাত বন্দী হোৱা ফুটেজ অনুসৰি ইমানুল আলিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

শুক্ৰবাৰে বিয়লিৰ ভাগত ৰঙাপৰা আৰক্ষীয়ে বৰপেটা আৰক্ষীৰ সহযোগত ইমানুল আলিক মন্দিয়াত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰি থানালৈ লৈ আহে। ৰঙাপৰাত সঘনাই সংঘটিত হৈ থকা চুৰিকাণ্ডৰ ঘটনা সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে ১৪ জুলাইত ৰঙাপৰাৰ ১ নং নামনিগাঁৱৰ নিৱাসী তথা স্থানীয় সাংবাদিক ছাহজাহান চেলিম কুৰেছিৰ বাসগৃহত চোৰ দুটাই প্ৰৱেশ কৰি সোণৰ আ-অলংকাৰৰ লগতে প্ৰায় ৩০ হাজাৰ নগদ ধন চুৰি কৰি নিছিল। সম্প্ৰতি ৰঙাপৰা আৰক্ষীয়ে দুই চোৰক গ্ৰেপ্তাৰ কৰি তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

ৰঙাপৰা