নগাঁৱৰ কচুৱা বজাৰত চুৰিকাণ্ড...

শুক্ৰবাৰৰে নিশা নগাঁৱৰ কচুৱা বজাৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। জানিব পৰা মতে আশ্ৰৱ উদ্দীনৰ নামৰ লোকজনৰ কাপোৰ দোকানত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কচুৱা বজাৰত চুৰিকাণ্ড

নগাঁৱৰ কচুৱা বজাৰত চুৰিকাণ্ড

ডিজিটেল সংবাদ, কামপুৰ : শুক্ৰবাৰৰে নিশা নগাঁৱৰ কচুৱা বজাৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। জানিব পৰা মতে আশ্ৰৱ উদ্দীনৰ নামৰ লোকজনৰ কাপোৰ দোকানত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। ব্যৱসায়ীজনে পুৱা দোকান খুলিবলৈ আহি দোকানৰ দৰ্জাৰ তলা ভাঙি থকা প্ৰত্যক্ষ কৰি মূৰে কপালে হাত দিয়ে।

Advertisment

ভুক্তভোগীৰ ভাষ্য অনুসৰি চোৰে দোকানৰ তলা ভঙি  লৈ যায় কাপোৰৰ লগতে দোকানৰ বাকচত থকা ধন। আশ্ৰৱ উদ্দিনে জানিব দিয়া মতে প্ৰায় ১৪ হাজাৰ টকাৰ কাপোৰ আৰু বাকচত থকা তিনিহাজাৰ টকা লৈ উধাও হয় চোৰ।

ইতিমধ্যে আশ্ৰৱ উদ্দিনে কচুৱা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰা মাত্ৰকে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখনীয় যে কচুৱাৰ অঞ্চলৰ বজাৰ এলেকাৰ লগতে বিভিন্ন ঠাইত সঘনাই চুৰিকাণ্ড সংঘটিত হোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল। 

আৰক্ষীক ক্ষীপ্ৰতাৰে তদন্ত জৰিয়তে চোৰক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে কচুৱা বজাৰ পৰিচালনা সমিতিয়ে।

Kasua Assam police