/asomiyapratidin/media/media_files/2025/04/24/rw23jHWA2ZRRHijECzZA.jpg)
ডিজিটেল সংবাদ, লংকা : লংকাৰ বামুণগাঁওস্থিত লামডিং সমষ্টিৰ সমজিলা কাৰ্য্যলয়ৰ চৌহদৰ মহকুমা সমাজ কল্যাণ বিষয়াৰ গুদামত সংঘটিত হৈছে চুৰিকাণ্ড। ইতিমধ্যে চুৰিকাণ্ড সংঘটিত কৰা এজন চোৰক আটক কৰা হৈছে।
জানিব পৰা মতে চোৰটোৱে মহকুমা সমাজ কল্যাণ বিষয়াৰ গুদামৰ পৰা ন’ডেল মাৰ্কিং মেচিন ৩টা চুৰ কৰিছিল। এই ঘটনাৰে অভিযুক্ত আটকাধীন চোৰটোৰ নাম ৰিয়াজ উদ্দিন। তেওঁৰ ঘৰ লংকা ৩নং বাৰ্ডৰ পেট্ৰল পট্টীত।
উল্লেখযোগ্য যে, সমজিলাৰ কাৰ্য্যলয়ৰ চৌহদত পৰি থকা বটল বিচাৰিবলৈ গৈ কাৰ্য্যলয়ৰ ভিতৰৰ পৰা তিনিটা মেচিন চুৰি কৰা বুলি মন্তব্য কৰে আটকাধীন চোৰটোৱে। ইফালে আটকাধীন চোৰটোক উদালী আৰক্ষী পহৰা চকীত গতাই দিয়া হয়।
আনহাতে আৰক্ষীয়ে চোৰটোৰ পৰা চুৰি কৰা তিনিটা মেচিন উদ্ধাৰ কৰা লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।